“শ্বহীদ” বৈজয়ন্তী দেৱী
ৰিজু দেৱী, ঢেকিয়াজুলি,
শোণিতপুৰ, অসম
বৈজয়ন্তী দেৱী এনে এগৰাকী দেশভক্ত আছিল যাৰ নামেই এক পৰিচয়। ১৯৫৯ চনৰ ১৯ জুলাই তাৰিখে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি নামৰ এখন সৰু গাঁৱত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে অমৰ উপাধ্যায় আৰু শান্তি দেৱী। সৰুকালৰ পৰাই বৈজয়ন্তী দেৱী পঢ়া-শুনাত মেধা সম্পন্ন হোৱাৰ সামাজিক কামকাজতো আছিল বৰ অগ্ৰণী। প্ৰাইমাৰী স্কুল সাং কৰাৰ পিছত তেওঁ শ্বিলঙৰ জেল ৰোড স্হিত মহিলা বিদ্যালয়ত নাম ভৰ্তি কৰে। তাৰ পিছত আকৌ তেওঁ তেজপুৰৰ কন্যা বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ প্ৰৱেশিকা পৰীক্ষা দিব পৰা নাছিল যদিও ক্ৰীড়া আৰু নাচ-গানত তেওঁ আছিল পাৰ্গত।
অসমৰ বিভিন্ন প্ৰান্তত বৈজয়ন্তী দেৱীয়ে নিজৰ নৃত্য-গীতৰ অনুষ্ঠান পৰিবেশন কৰিছিল। ১৯৭৫ চনত "অসম-অৰুণাচল ছাত্ৰ"ৰ সাংস্কৃতিক বিনিময় সন্মিলনতো তেওঁ অসম ৰাজ্যৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তাত তেওঁ গীত গোৱাৰ লগতে জাতীয় লোকনৃত্য আৰু বিহু নৃত্য পৰিবেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আকৌ ১৯৭৬ চনত গুৱাহাটীত হোৱা অসম গোৰ্খা সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানতো জাতীয় লোকনৃত্য-গীত পৰিবেশন কৰাৰ লগতে চাদৰ মেখেলা পৰিধান কৰি বৰ সুন্দৰকৈ বিহু নৃত্যও প্ৰদৰ্শণ কৰিছিল। বৈজয়ন্তী দেৱীৰ এনে প্ৰতিভা দেখি মঞ্চত উপবিষ্ট সেইসময়ৰ মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিং ডাঙৰীয়াও আচৰিত হৈছিল আৰু তেওঁৰ ভূয়সী প্ৰশংসা কৰি কৈছিল" যিদৰে বৈজয়ন্তী দেৱীয়ে অসমৰ কলা-সংস্কৃতিক আঁকোৱালী লৈ ইয়াৰ বিকাশৰ বাবে নিস্বাৰ্থ প্ৰয়াস কৰিছে,ঠিক সেইদৰে অন্য জনগোষ্ঠীৰ লোকসকলেও তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কাম কৰা উচিত।" ইয়াৰ উপৰিও বৈজয়ন্তী দেৱীয়ে তেজপুৰৰ কেইবাখনো ঠাইত আৰু মনিপুৰ,দাৰ্জিলিঙৰ দৰে ঠাইতো গৈ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শণ কৰিছিল।
বৈজয়ন্তী দেৱী ভাৰতীয় গোৰ্খা পৰিয়ালৰ সন্তান আছিল বাবে জন্মভূমি অসমক বাৰুকৈ ভাল পাইছিল। প্ৰকৃত দেশভক্ত হোৱাৰ বাবে অসমৰ অস্তিত্ব ৰক্ষা আৰু ৬ বছৰীয়া অসম আন্দোলনৰ সময়ত আৰম্ভনিৰ পৰাই বৈজয়ন্তী দেৱীয়ে মূখ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ একেবাৰে স্পষ্টবাদী,নিৰ্ভীক আৰু নিষ্ঠাৱান প্ৰকৃতিৰ নাৰী আছিল। কোনো এখন সামাজিক কামত আত্মনিয়োগ কৰিলে তাক সফলতুল্য কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। সামাজিক কাম কৰিবলৈ যাওঁতে তেওঁ বহুত লাঞ্চনা,অপবাদৰো সন্মোখিন হ'ব লগা হৈছিল যদিও নিজৰ লক্ষ্যত অলৰ-অচল হৈ আছিল। অসমক বিদেশী মুক্ত কৰাৰ ক্ষেত্ৰত সেই সময়ত তেওঁ নিজৰ মন্ত্ৰমুগ্ধ অভিভাষণৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ প্ৰতিটো শ্লোগানত দেশপ্ৰেম নিগৰি বৈছিল। "তুমি যদি অসমীয়া হোৱা তেনেহ'লে আমাক সংগ দিয়া আৰু দেশক বিদেশীৰ কবলৰ পৰা মুক্ত কৰা...."এয়ে আছিল তেওঁৰ শ্লোগান।
বৈজয়ন্তী দেৱী এনে এগৰাকী নাৰী আছিল যিয়ে নিজে জীৱিত থকা লৈকে অসম আন্দোলনৰ প্ৰতিটো কাৰ্য্যসূচী বা অনুষ্ঠানতে মুক্তমনে ভাগ লৈছিল। ১৯৮০ চনৰ কথা। সেইদিনা "ৰণশিঙা দিৱস" আছিল। ৰাতিপুৱা ঘৰৰ পৰা উলাওতে তেওঁ হাতত শংখ লৈ উলাই গৈছিল। সেইদিনা আছিল প্ৰখৰ ৰ'দ। গন-আন্দোলনৰ সেই ৰেলীত একেৰাহে শংখধ্বনি দিওঁতে তেজপুৰৰ জজ্খেল পথাৰত অৱচেতন হৈ ঢলি পৰে আৰু লৰালৰিকৈ কনকলতা হাস্পাতললৈ লৈ যোৱা হয় যদিও মগজুৰ আভ্যন্তৰিণ আঘাতৰ বাবে কোমালৈ গুচি যায় আৰু সেইদিনা ৰাতিয়েই ৮:১৫ মিনিটত অৰ্থাৎ ১৯৮০ চনৰ ১৬ আগষ্ট তাৰিখে তেওঁ ইহসংসাৰ ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি পাই সকলো স্তব্ধ হৈ ৰ'ল।তেওঁৰ অন্তিম সংস্কাৰ ৰুদ্ৰপদত কৰা হয়। এগৰাকী সত্যনিষ্ঠ দেশভক্ত,সৎসাহসী আৰু তেজোদীপ্ত চিৰজাগ্ৰত মহিলা হিচাপে তেওঁ সকলোৰে হৃদয়ত চিৰপূজিতা হৈ ৰ'ব। তেওঁৰ স্মৃতিক জীয়াই ৰাখিবৰ বাবে তেজপুৰৰ চান্দমাৰীত বৈজয়ন্তী দেৱী উদ্যান বনোৱা হৈছে যদিও বৰ্তমান পৰিচৰ্যাৰ অভাৱত উদ্যানখন মৃতপ্ৰায় হৈ পৰিছে। অসম আন্দোলনৰ সময়ত, বৈজয়ন্তী দেৱীৰ লগতে আন বহু কেইজন গোৰ্খালোকসকলে দেশৰ বাবে বলিদান দি গৈছে। সেইকেইজন হ'ল ক্ৰমে-ধন বাহাদুৰ ছেত্ৰী, কুল বাহাদুৰ ছেত্ৰী,পদ্ম বাহাদুৰ ছেত্ৰী,খিৰোদ বাহাদুৰ তামাং আৰু ভীম বাহাদুৰ তামাং।
শ্বহীদ বৈজয়ন্তী দেৱীয়ে অসম জননীক বিদেশীমুক্ত কৰিবৰ বাবে বিনা দ্বিধাই নিজৰ প্ৰাণ আহুতি দিলে। কি ৰ'দ কি বৰষুণ সকলো আওকান কৰি তেওঁ কেৱল নিজৰ দেশমাতৃক ভাল পাইছিল। বৈজয়ন্তী দেৱী অসম আন্দোলনৰ প্ৰথম গৰাকী মহিলা শ্বহীদ। "অসমৰ সমস্যা আমাৰ সমস্যা" বুলি কৈ কৈ তেওঁ শ্লোগান দিছিল। গোৰ্খাৰ তেজত যে অকৃত্ৰিম দেশভক্তিৰ বন্যা নিগৰি বৈ আছে সেই কথা সকলোৰে জ্ঞাত হৈ পৰিল।
বৈজয়ন্তী দেৱীয়ে যেতিয়া অসম আন্দোলনত যোগ দিছিল তেতিয়া তেওঁ স্কুলীয়া ছাত্ৰী আছিল। কিন্তু দুখৰ বিষয় এয়ে যে আজিলৈকে কোনো ছাত্ৰ সংগঠনে তেওঁৰ আৰু অন্য গোৰ্খা শ্বহীদসকলৰ বাবে স্মৃতিচাৰণ অনুষ্ঠান পতা দেখা নগ'ল। সকলো জাতীয় সংগঠনৰ প্ৰতি মোৰ এটাই আহ্বান যে যেতিয়ালৈকে আমি পূৰ্বপুৰুষসকলে কৰা সৎকৰ্মৰ প্ৰতি শ্ৰদ্ধা নিবেদন নকৰোঁ,নিজৰ জাতিৰ ইতিহাস লুটিয়াই চোৱাৰ প্ৰয়াস নকৰোঁ তেনেহ'লে কেনেকৈ আমাৰ মান-সন্মান,আমাৰ সংস্কৃতি আৰু জাতীয় ঐতিহ্য অটুট থাকিব? কেৱল ভাষণতে ডাঙৰ ডাঙৰ শব্দ আৰু কথা ক'লেই জানো জাতিৰ অস্তিত্ব বাচি থাকিব? এতিয়া সময় সমাগত সকলো সজাগ হোৱাৰ বাবে।
গোৰ্খাসকলৰ এনেও বহু সমস্যা। কেতিয়াবা এন.আৰ.চি সমস্যা কেতিয়াবা খিলঞ্জীয়া নোহোৱাৰ সমস্যা। বাবে বাৰে গোৰ্খাসকলে ইমানবোৰ ত্যাগ আৰু বলিদান দিয়াৰ পিছতো পৰিচয় ভ্ৰমৰ বাবে বৰকৈ হাবাথুৰি খাবলগা হয়। এইটো বৰ দূৰ্ভাগ্যৰ কথা। জাতীয় সংগঠনবোৰে এইক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ বিশেষ থল আছে বুলি ভাবিব পাৰি। তেতিয়াহে শ্বহীদ বৈজয়ন্তী দেৱীৰ আত্মাই চিৰ শান্তি লাভ কৰিব।
_________________________
Post a Comment