বিভিন্ন প্ৰকাৰৰ জাতীয় লোকগীত-লোকনৃত্য
ৰিজু দেৱী, ঢেকিয়াজুলি, শোণিতপুৰ, অসম লোকগীতবোৰ এটা জাতিৰ পৰিচয় বাহক আৰু সেই জাতিৰ সাংস্কৃতিক দাপোন। তেনেদৰে লোকনৃত্যবোৰতো বিভিন্ন জনগোষ্ঠীৰ অন্তৰ্নিহিত ভাৱৰ অভিব্যক্তিবোৰ গীতৰ মাধ্যমেদি প্ৰকাশ কৰা হয়। গীতৰ এই ভাবানুভূতিবোৰ নৰ্তক-নৰ্তকীয়ে প্ৰকাশ কৰে তেওঁলোকৰ একো একোটা ভৰিৰ তালৰ মাধ্যমেদি,হাতৰ প্ৰত্যেকটি মুদ্ৰাৰ দ্বাৰা,কঁকালৰ একো একোটা ভংগীমাৰ দ্বাৰা আৰু চাল-চলনৰ দ্বাৰা। সংগীতৰ অভূতপূৰ্ব অংগৰ ভিতৰত লোকগীতেই হৈছে প্ৰধান অঙ্গ।পৰম্পৰাগতভাৱে মানুহৰ মূখে মূখে চলি অহা এই গীতবোৰৰ কোনো ব্যাকৰণ বা ইতিহাস নেথাকে। আমি এনে গীতবোৰৰ গীতকাৰ আৰু সুৰকাৰৰ বিষয়েও জানিবলৈ অক্ষম। সাধাৰণ জনতাই নিজৰে ভাৱ-তাল-লয়ত গোৱা আৰু সম্পূৰ্ণৰূপে গ্ৰাম্য জীৱনৰ প্ৰতিফলন ঘটা গীতবোৰেই হৈছে লোকগীত। গোৰ্খা মহাজাতিও বিভিন্ন জনজোষ্ঠীয় লোকসংস্কৃতিৰে সমৃদ্ধ সংস্কৃতিবান জাতি| গোৰ্খা সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ সময়সাপেক্ষ লোকগীতবোৰৰ কিছু বৰ্ণনা তলত দাঙি ধৰা হ'ল------ মালশ্ৰী--মালশ্ৰী হ'ল এক আধ্যাত্মিক ভাৱসম্পন্ন গীত।মালশ্ৰী গীতত দেৱী দূৰ্গাৰ মহিমাৰ গুনগান কৰা হয়।মালশ্ৰী এক প্ৰকাৰ শ্লোক হ'লেও ইয়াক দীঘলীয়াকৈ সুৰ টানি গীত আকাৰে গোৱা হয়। কিন্তু আজিকালি এনে ধৰণৰ গীত বিলুপ্তিৰ পথত। গীতটো এনে ধৰণৰ-- জয় দেৱী ভৈৰৱী গোৰখনাথ দৰ্শণ দেও ভৱানী হে হা হা দেৱী দৰ্শণদেও....। ঘাটুনাচ-গীত--ঘাটুনাচ বিশেষতঃগুৰুঙ,মগৰ জনগোষ্ঠীৰ মাজত দেখা যায়। এই নৃত্যত কেৱল দহ,এঘাৰ বছৰীয়া ছোৱালীয়ে দুইৰ পৰা চাৰিজনীলৈহে মাত্ৰ নাচে। এই ঘাটু নাচ বাৰমহীয়া(বাৰমাচে),কুচুণ্ডা আৰু সতীঘাটু(চতী)ৰূপত প্ৰচলিত। বাৰমহীয়া ঘাটু নাচ দশৈঁ,বিভিন্ন উৎসৱ-পৰ্ব,হৰ্ষ-আনন্দৰ বেলিকা নচা হয় আৰু সতীঘাটু বসন্ত পঞ্চমীৰ পৰা বহাগী পূৰ্ণিমালৈকে পালন কৰা হয়। বাৰমাচে ঘাটুত বাদ্যযন্ত্ৰ নাবাজে।ঘাটুনাচ এজন বিজ্ঞজনৰ মন্ত্ৰোচ্ছাৰনৰ দ্বাৰা আৰম্ভ হয়। এখন পৱিত্ৰ ঠাইত দুজনী সৰু ছোৱালীক মুখা-মুখীকৈ বহাই লৈ শুদ্ধ,নতুন কাপোৰ পিন্ধিবলৈ দি গুৰুৰ দ্বাৰা স্তুতি আৰম্ভ কৰা হয়। এনেকৈ মন্ত্ৰোচ্ছাৰ কৰাৰ ফলত যিজনী ছোৱালীৰ গাত কম্পনৰ সৃষ্টি হয় ,সেইগৰাকীৰ গাত দেৱী লম্ভিছে বুলি ঠাৱৰ কৰা হয় আৰু তাইক ঘাটুনী বুলি কোৱা হয়।ঘাটুনীৰ চকু সম্পূৰ্ণ ৰূপে বন্ধ থকা অৱস্হাতে গীত আৰম্ভ হয় এনেদৰে-- চাতেই মূলকো পানী লিয়াই মালী গাইকো গোবৰলে লিপৌলা হিমৈচুলী দেওতা আৱৈলা বৰৈচুলী দেওতা আৱৈলা চতকো মাঁ চৌ ভনে চবৈ দেৱী-দেওতা আই হামৰেই বালিকা কন্যাকো চিৰেইমা বচৈলা। বহাগী পূৰ্ণিমাৰ দিনা ঘাটু নাচৰ সমাপ্তি হয়। এই পূজাৰ সমাপ্তিকৰণৰ সময়ত ডাঙৰকৈ পূজা পাতিব লগা হয়। পৌৰানিক সমাজত পতিৰ মৃত্যু হ'লে পত্নী সতী যোৱাৰ যি প্ৰথা আছিল সেইসময়ত গুৰুঙ সকলৰ মাজত সতী ঘাটু নচাৰ প্ৰচলন আছিল বুলি মান্যতা আছে। শিলোক--শাৰ্দূল বিক্ৰীড়িত ছন্দত গোৱা শিলোক মানে হ'ল শ্লোক। বিবাহত বৰযাত্ৰী অহাৰ পিছত কন্যা ফলীয়াই লয়বদ্ধভাৱে দৰাফলীয়াক প্ৰশ্ন কৰে আৰু দৰাফলীয়াই ও প্ৰশ্নৰ উত্তৰ দিয়ে সেই অনুসাৰে। এইটো এটা সময় পাৰ কৰাৰ আৰু চিনাকী হোৱাৰ উৎকৃষ্ট উপায়।শিলোকত ৰামায়ন আদিৰ শ্লোকবোৰো পাঠ কৰা হয়। প্ৰশ্ন কন্যাফলীয়াৰ-- কতি বাটেও নাম্লা দাম্লা(পঘা) কতি বাটেও কুচ্চা(ঝাৰু) কতি আয়েও বুঢ়াপাকা(বুঢ়ামেথা) কতি আয়েও ফুচ্চা(চেমনীয়া) গীতটোত পঘা,ঝাৰু আদি কিমান বনালে আৰু বিয়াত বুঢ়া-মেথা,চেমনীয়া কিমান আহিছে তাৰ খতিয়ান বিচাৰিছে। দৰা ফলীয়াৰ উত্তৰ-- "ধেৰেই বাটিওঁ নাম্লা দাম্লা ধেৰেই বাটিওঁ কুচ্চা ধেৰেই আয়েওঁ বুঢ়া পাকা কোহি চৈনন ফুচ্চা" গীতটোত কৈছে যে পঘা,ঝাৰু বহুত বনাইছে আৰু চেমনীয়াৰ বাদে সকলো বুঢ়া-মেথালোক আহিছে।এনেদৰে দুয়োপক্ষৰে প্ৰশ্ন-উত্তৰৰ কাৰ্যসূচী গোটেই ৰাতি চলি থাকে।যি পক্ষই হাৰি যায় সেই পক্ষই শাস্তিৰ নামত মান ধৰিব লগা হয়।আজিকালি অৱশ্যে আগৰ বয়সীয়াল লোকসকল পৰলোকগামী হোৱাৰ ফলত এই পৰম্পৰা ক্ৰমে হেৰাই যোৱাৰ পথত। ৰতেওলী--ৰতেওলী শব্দ ৰতিলীলাৰ পৰা অপভ্ৰংশ হৈ আহিছে। সংগিনীৰ দৰে ৰতেওলীও ধূপ-দ্বীপক সাক্ষী ৰাখি আৰম্ভ কৰা হয়।বিবাহত দৰা আৰু বৰযাত্ৰীসকল কন্যাঘৰলৈ যোৱাৰ পিছত দৰাঘৰীয়াৰ মহিলাসকলে ৰতেওলী খেলে,নাছে আৰু গায়। এই ৰতেওলী পুৰুষসকলে চাব নাপায়।কিয়নো ৰতেওলীত মহিলাসকলে পুৰুষৰ বস্ত্ৰ পৰিধান কৰি মুক্ত মনেৰে আজৱ কাণ্ড কৰে,যিবোৰ চাই হাঁহি হাঁহি পেটৰ বিষত ঢলি পৰে। ৰতেওলীয়ে গোৰ্খা নাৰী সমাজত এক বিশেষ সমাদৰ লাভ কৰি আহিছে। গোৰ্খা সমাজত আজিও ৰতেওলী আৰু জীওঁতী লিখাৰ পৰম্পৰা আছে। ৰতেওলীত গৰ্ভৱতী মহিলাই ন মাহলৈকে সন্মুখীন হোৱা বিভিন্ন পৰিস্হিতি,অৱস্হা আদিৰ ব্যাখ্যা আৰু অন্তিম সময়ত আত্মীয় জনৰ নৈতিক সহযোগিতাৰো মুক্ত প্ৰকাশ পোৱা যায়। মাৰুনী--মাৰুনী সাধাৰনতে তিহাৰ উৎসৱত নচা হয়। পুৰুষসকলে মহিলাৰ বস্ত্ৰ পৰিধান কৰি এই নৃত্য প্ৰস্তুত কৰে। মূখ্য মাদল বজাওঁতাই চাকি-ধূপক সাক্ষী কৰি দেৱ-দেৱীক আহ্বান কৰাৰ পিছত মাৰুনীক সজোৱাৰ কাম আৰম্ভ কৰা হয়।লক্ষ্মীপূজা(গাই তিহাৰ)ৰ পৰা আৰম্ভ হোৱা এই নৃত্যটি এঘাৰ দিনলৈকে মহিলাৰ সাজতে মাদলেৰ লগত ঘৰে ঘৰে গৈ প্ৰস্তুত কৰা হয়।ধাৰ্মিক পৰম্পৰা অনুসৰি মাৰুনীক পাৰ্বতী আৰু মাদলেক (মাদল বজাওঁতা) শিৱৰ প্ৰতিৰূপ বুলি ভৱা হয়। গোৰ্খাসকলৰ লোকগীত আৰু নৃত্যবোৰত মাৰুনীৰ এক বিশেষ প্ৰাধান্যতা আছে।মাৰুনীৰ মূখ্য অংগবোৰৰ ভিতৰত চমলা,বিৰহনী,বিভাস,খ্যালী,চোকড়া,গৰ্ৰা, লহৰে টপ্পা,কুচুলে আদিয়েই প্ৰধান।তাৰোপৰি এইবোৰ বিভিন্ন সময়-পৰিবেশ অনুযায়ী গোৱা হয়।এই লোকগীতৰ শব্দাৱলী আৰু প্ৰস্তুতি পক্ৰিয়াৰ দ্বাৰা গোৰ্খা জাতিৰ বেশ-ভূষা,ৰহনশৈলী,খাদ্য প্ৰণালী,ৰীতি-নীতি,পূজাকৰ্মাদি স্পষ্ট ৰূপত ধৰা দিয়ে। মাৰুনী গীতৰ সুকীয়াকৈ ৰাগ আৰু তাল থাকে,যিবোৰ শাস্ত্ৰীয় কলাৰ ওপৰত আধাৰিত।খ্যালী,বিৰহনী আৰু টপ্পাত ৰামায়ন আৰু মহাভাৰতৰ গাথা শুণিবলৈ পোৱাৰ উপৰিও ৱিভাসত ভজন-কীৰ্তনৰ ভক্তি ধ্বনি গুঞ্জৰি থাকে।বিৰহিনীৰ বেদনা গধূৰ গান-সুৰ (শশী)আৰম্ভ হোৱাৰ লগে লগে মাৰুনী সজেৱা কাম আৰম্ভ হয়।মাৰুনীক সজাওঁতে "চোৱায়ো চোৱায়ো(সোহাইছে)"বুলি গাই গাই সজোৱা হয় আৰু মাৰুনীক নমাওঁতে "চোৱায়েন চোৱায়েন(সোহোওৱা নাই,ভাল দেখা নাই)"বুলি গোৱা হয়। এই কৰ্মটো বিধি অনুসৰি হোৱাটো নিয়ম। খাঁড়ো জগাওনে গীত--খাঁড়ো মানে হ'ল খুকুৰী,খড্গ,তৰোৱাল অথবা ঢাল। এই গীত আচলতে বিবাহত গায়। খুকুৰী দৰা পক্ষই লৈ আহে।দৰাই কন্যাক সেন্দুৰ আৰু মংগল চূত্ৰ লগাই দিয়াৰ পিছত দৰা পক্ষৰ কোনো এজনে হাতত খাঁড়ো লৈ তাক নচুৱাই নচুৱাই এই গীত গায়।দৰাপক্ষৰ কোনো নাথাকিলে এই কৰ্ম কন্যা পক্ষইয়ো কৰিব পাৰে,কিন্তু দৰাপক্ষই কিছু জৰিমনা ভৰিব লাগিব। খাঁড়ো জগোৱাৰ আগতে বিধি সহিতে বৰযাত্ৰীৰ ফালৰ পৰা কন্যাক খুকুৰী/তৰোৱাল বা খুঁড়া(খুকুৰী সদৃশ ) দিয়া হয়। কন্যাই আকৌ সেই খুকুৰী দৰাৰ হাতত সমৰ্পণ কৰাৰ পিছত দৰাই পুনৰ সেই হাথিয়াৰ বৰযাত্ৰী এজনৰ (যিয়ে খাঁড়ো জগায়)হাতত দিয়ে আৰু তেঁৱেই খাঁড়ো জগাবলৈ আৰম্ভ কৰে। এই ধৰণৰ গীতক বীৰ ৰস প্ৰধান গীত বুলি কোৱা হয়। এই গীতৰ মাধ্যমেদি যদিহে শত্ৰু আহি আক্ৰমন কৰে তেন্তে,এই খুকুৰীৰ দ্বাৰাই তাক নিঃশেষ কৰাৰ ইংগীত পোৱা যায়।খাঁড়ো জগোৱা গীতত নেপালী আৰু হিন্দী দুয়ো ভাষাৰে প্ৰয়োগ দেখা যায়।যেনে--"শ্ৰী শ্ৰী তীন প্ৰতাপী মহাৰাজা,মন্ত্ৰী চৰহ জংগ বাহাদুৰ ৰানা ফৌজ মেঁ,চলি আএ ভোট কে নিকট মেঁ,চলি আএ লস্কৰ জী ধন্য ধন্য ধন্য।" খাঁড়ো জগোৱাৰ আগতে কন্যাৰ ফালৰ এজনে এনেদৰে কয়--"এওটা লৌকিককো বিধি ছ,চুন লৌ খৈঁচী হথিয়াৰলে খাঁড়ো জলদি জগাওনু অব পৰ্য়ো। কুনেই চুৰ বীৰলে।" খাঁড়ো জগোৱা শেষ হোৱাৰ পিছত গীতৰ সামৰণি মৰা হয় এনেদৰে-- "স্বাস্তি শ্ৰী গিৰিৰাজ কুলকো,খাঁড়ো জগাই দিয়ে, ঢ্যাগ ঢ্যাগ ঢ্যাগ গৰী,দুশ্যমনকা শিৰহৰূ কাটি দিয়ে।" চিলী নৃত্য--চিলী ৰাইসকলৰ এটা বিশেষ নৃত্য।ৰাইসকলে গীতক চাম(chham) বুলি কয়।তেওঁলোকে দুই প্ৰকাৰৰ নৃত্য কৰে।সেয়া হৈছে -চিলী আৰু লাক। চিলী একপ্ৰকাৰ আধ্যাত্মিক ভাৱাপন্ন সুৰ বুলি ক'ব লাগিব। কিয়নো ইয়াত শব্দৰ কোনো সমাহাৰ নেথাকে।ইয়াত শাস্ত্ৰীয় লয়-তালত দেৱ-দেৱীৰ আৰধনা কৰা হয়।চিলী নৃত্য কমেও বাৰজন লোকে নাচে। চিলী বিভিন্ন প্ৰকাৰৰ থাকে।চিকিমত থকা ৰাই সম্প্ৰদায়ৰ লোক সকলে চাচুম (chasum)চিলী নাচে। চাচুম মানে হ'ল--ধান,মাকৈ আৰু কোদো।যিকোনো অনুষ্ঠানতে এই তিনিবিধ বস্তু অপৰিহাৰ্য। অন্য চিলীবোৰ হ'ল--তাৱা চিলী,খচা চিলী,বাপা চিলী,বামা চিলী,নাৰোক্কা চিলী,মাঙমা চিলী আদি। লাক--ৰাইসকলৰ এটা মনোৰঞ্জণধৰ্মী নৃত্য হ'ল-লাক। এই গীতত প্ৰেম-প্ৰীতিৰ অভিব্যক্তি প্ৰকাশ পোৱা দেখা যায়। চিলীত কেৱল বাদ্যযন্ত্ৰৰহে সমাবেশ থাকে তাৰ পৰিৱৰ্তে লাকত শব্দ,গীত-বাদ্যৰ সমাহাৰ থাকে। এই নৃত্য স্ত্ৰী-পুৰুষ সকলোৱে মিলি নাচে।ৰাইসকলৰ চাকেবা পৰ্বৰ চণ্ডীপূজাত চিলী নচা হয় আৰু পূজা শেষ হ'লে মনোৰঞ্জনৰ বাবে লাক নচা হয়। মহাকালী নাচ--মহাকালী নাচ নেৱাৰসকলৰ এক অন্যতম নৃত্য। এই নৃত্য হিন্দু আধ্যাত্মিক দৰ্শণৰ ওপৰত আধাৰিত। ইয়াত মহাকালী,মহালক্ষ্মীৰ গুনগান কৰা হয়।মান্যতা অনুসৰি মহালক্ষ্মী,মহাকালী আৰু কুমাৰীয়ে ৰাক্ষসবোৰক যুদ্ধত পৰাস্ত কৰি মানৱৰ উদ্ধাৰ কৰিছিল আৰু এই বিজয়ৰ বাবেই নেৱাৰ সকলে দেৱীৰ মুখা-বস্ত্ৰ আদি পৰিধান কৰি এনেধৰণৰ নৃত্য কৰে।এই নৃত্য চেপ্তেম্বৰৰ শেষত আৰু অক্টোবৰ মাহৰ আৰম্ভনীতে ইন্দ্ৰযাত্ৰা পৰ্বত কৰে। ভৈৰৱ নৃত্য--নেৱাৰ সকলৰ আন এক নৃত্য হৈছে ভৈৰৱ নৃত্য। ইয়াতো ভৈৰৱৰ মুখা পিন্ধি নৃত্য কৰা হয়।ভৈৰৱ নৃত্য তিনি প্ৰকাৰৰ।সেই কেইটা হ'ল--শ্বেত ভৈৰৱ,নীল ভৈৰৱ আৰু ভৈৰৱ কালী।মহাকালী নৃত্যৰ শেষত শ্বেত ভৈৰৱ নচা হয়। নীল ভৈৰৱ ইন্দ্ৰযাত্ৰা পৰ্বত নচা হয়। ভৈৰৱ কালী নৃত্যত কামসূত্ৰৰ আসক্তি ৰূপ দেখা যায়। এই নৃত্যত তান্ত্ৰিক দেৱ ভৈৰৱ আৰু কালীৰ চৌৰাশীটা মুদ্ৰা দেখিবলৈ পোৱা যায়। চিকিমত প্ৰথম বাৰৰ বাবে দক্ষিণ জিলাৰ নামথাঙত ভৈৰৱ নৃত্য প্ৰস্তুত কৰা হয়। এই নৃত্য ৰায় চাহেব বাবুৰাম প্ৰধানৰ নেতৃত্বত ত্ৰিশ-চল্লিশ দশকত নেপালৰ পৰা অহা শিল্পীসকলে পৰিবেশন কৰে বুলি জানিব পাৰি। কুমাৰী নৃত্য--শাস্ত্ৰীয় নৃত্যৰ আধাৰত প্ৰস্তুত নেৱাৰসকলৰ অন্য এক নৃত্য হৈছে-কুমাৰী নৃত্য।কুমাৰী হ'ল একতাৰ প্ৰতীক।কুমাৰী নৃত্যত প্ৰেতাত্মা আৰু দেৱীৰ মাজৰ সংঘৰ্ষ দাঙি ধৰা হয়। খৈঁজড়ী ভজন--খৈঁজড়ী হ'ল এক বাদ্য। এই বাদ্যৰ লগত গোৱা ভজনেই হৈছে খৈঁজডডী ভজন অৰ্থাৎ মাংগলিক গীত। এই ধৰণৰ ভজন বিশেষত ধাৰ্মিক-সামাজিক অনুষ্ঠান আদিত গোৱা হয়। ভজনত ৰামায়ন আৰু মহাভাৰতৰ কাহিনীও লয়বদ্ধভাৱে গোৱা হয়। মাজেমাজে হৰি হৰি,নাৰায়ন ধ্বনিও দিয়া হয়। ভজন মণ্ডলীৰ এজন নায়কে ভজন গায় আৰু বাকী সংগীবোৰে সুৰতালৰ লগত সংগতি ৰাখি লগত গায়। বিশেষতঃ এই ভজনবোৰ পূজা,ধৰ্মীয় কামকাজ,বিবাহ কাৰ্য,দেউচি আদি খেলোঁতে খৈঁজড়ী,মজুৰা(মঞ্জৰী)কৰতাল আদি বাদ্য যন্ত্ৰৰ সহিতে গোৱা হয়। দমকে নৃত্য--দমকে নৃত্য বহাগ-জেঠ মাহত নচা হয়।এই নৃত্য বিশেষতঃমাকৈৰ গুৰি খুচৰোঁতে,বাৰীৰ জংখল চাফা কৰোঁতে কৰা হয়।মাদল আৰু বাঁচুৰী(বাঁহী) লৈ গোৱা এই গীতত মহিলা আৰু পুৰুষ উভয়ে নাচে। এনে ধৰণৰ নাচত হাতৰ কোৰ গীত গাই গাই অদলা বদল কৰে। এনে ধৰনেৰে পুৰুষ-মহিলাই গীত গাই আৰু নাচি কাম কৰিলে কামো সোনকালে শেষ হয় আৰু ভাগৰো নালাগে। নৌমতী--নৌমতী বাজা(বাদ্য)গোৰ্খাসকলৰ এক অমূল্য সম্পদ বুলি ক'ব লাগিব। নৌমতী বাজা নহ'লে বিবাহ কাৰ্য,যিকোনো অনুষ্ঠানাদি আধৰুৱা হৈ ৰয়। ন্বাৰণ(নামাকৰণ),ব্ৰতবন্ধন,বিবাহ,পূজাকৰ্ম, ধানৰোৱা কাৰ্য আৰু বিভিন্ন উৎসৱ অনুষ্ঠান আদিত নৌমতী বাজা অপৰিহাৰ্য হৈ পৰে। গোৰ্খাসমাজত জন্মৰ পৰা মৃত্যলৈকে এই বাদ্য প্ৰয়োগ কৰা হয়।মান্যতা আছে যে পঞ্চে বাজা(পঞ্চ বাদ্য-চহনাই,ঢোলকী,ঝ্যালী,দমাহা,ট্যামকো)ৰ বৃহৎ ৰূপেই হৈছে নৌমতী বাজা।নৌমতী বাজাত নটা বাদ্যযন্ত্ৰ থাকে। অৰ্থাৎ পঞ্চে বাজাৰ পাঁচটা বাদ্যৰ লগত আৰু চাৰিটা বাদ্য সংযোগ হৈ নৌমতী বাজা হয়গৈ। সেই চাৰিটা বাদ্য হৈছে -নৰসিংহ দুটা(ভালে-পোথী-মতা-মাইকী),কৰ্নাল,আৰু দমাহা(ভালে-পোথীৰ যিকোনো এটা)। এই বাদ্যবোৰ পঞ্চ ধাতুৰে নিৰ্মিত। সেয়ে এই পঞ্চ ধাতুক গনেশ,বিষ্ণু,শিৱ,দেৱী আৰু সূৰ্যৰ প্ৰতিৰূপ বুলি গন্য কৰা হয়। ইতিহাসকাৰৰ অনুসৰি চহনাইৰ জন্ম পাৰ্চিয়ান যুগতে হৈছিল আৰু ইয়াৰ দ্বাৰা ছয়ত্ৰিশটাতকৈ অধিক ৰাগ বজাব পাৰি।
*****
Post a Comment