শিঙৰীঃ গুপ্তেশ্বৰ দেৱালয় আৰু ইয়াৰ ঐতিহ্যঃ-এক অৱলোকন
নাৰায়ণ ফয়েল,
নতুন শিঙৰী, ঢেকীয়াজুলি, শোণিতপুৰ
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি নগৰৰ দক্ষিণে প্ৰায় ১২ কিলোমিটাৰ নিলগত লুইতৰ পাৰত অৱস্থিত শিঙৰী অঞ্চল বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ বসতিস্থল ৷ ঋষি শৃংগমুণিৰ তপস্যাৰ থলী শিঙৰী নদ-নদী, পাহাৰ, চাহ বাগান, একাধিক গাওঁ আৰু বৃহৎ কৃষি ভূমিৰে পৰিবেষ্টিত ঠাই ৷ ইয়াত এসময়ত ৰে’লগাড়ী চলিছিল, জোতা ফেক্টৰী আছিল ৷ এই পৱিত্ৰ ভূমি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ কাৰণে সমগ্ৰ দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপালৰ জনগণৰ বাবে পৰিচিত ঠাই আৰু বিখ্যাত ঠাই ৷ শিঙৰী পাহাৰৰ নামনিত বিৰাজমান শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় ইয়াৰ প্ৰতিজন ব্যক্তিৰ কাৰণে সেৱাৰ থলী, আধ্যাত্মিক চিন্তা-চৰ্চা আৰু ধৰ্ম-সংস্কৃতি ৰক্ষাৰ প্ৰাণকেন্দ্ৰ ৷ ইয়াৰ চমু অৱলোকন -
দেৱালয়ৰ নাম আৰু মহাত্ম্য:-
শিঙৰী পাহাৰৰ নামনিত বিৰাজমান শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় হ’ল প্ৰকৃততে এটা শিৱমন্দিৰ ৷ স্বয়ং বাবা বিশ্বকৰ্মাই এই মন্দিৰ নিৰ্মাণ কৰিছিল বুলি কোৱা হয় ৷ এই শিৱমন্দিৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাচীন তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে ৷ ইয়াক গুপ্তেশ্বৰ দেৱালয়, গুপ্তেশ্বৰ মন্দিৰ আৰু শিঙৰী মন্দিৰ নামেৰেও জনা যায় ৷ প্ৰবাদমতে এসময়ত বান ৰজাই শোণিতপুৰত দ্বিতীয় কাশীধাম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৷
বান ৰজাই কাশীধামৰ পৰা সংগ্ৰহ কৰি অনা শিৱলিংগজনাক শিঙৰী পাহাৰৰ নামনিত এটা কুণ্ডত গুপ্তভাৱে ৰখা হৈছিল ৷ ইয়াত শিৱলিংগজনাক গুপ্তভাৱে ৰখাৰ বাবে এই মন্দিৰৰ নাম গুপ্তেশ্বৰ ৰখা হৈছে৷ গুপ্তেশ্বৰ দেৱালয়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম কাহিনীৰ স্মৃতি বিজড়িত হৈ আছে ৷ কুসুম্বৰ ভূঞাই গুপ্তেশ্বৰ দেৱালয়ত পূজা-অৰ্চনা কৰি শংকৰদেৱক পুত্ৰ হিচাপে পাইছিল বুলি বিভিন্ন গ্ৰন্থ আদিত প্ৰকাশ পাইছে ৷ গুপ্তেশ্বৰ দেৱালয়ৰ কাষত ঋষি শৃংগ মুনিৰ আশ্ৰম আছিল ৷ ঋষি শৃংগমুনিয়ে ইয়াত তপস্যা কৰিছিল ৷ এনেবোৰ কাৰণত এই প্ৰাচীন শিৱমন্দিৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে, গুপ্তেশ্বৰ মন্দিৰৰ দক্ষিণে বিশাল ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ গৈ প্ৰায় ১৫ কিলোমিটাৰ দুৰত অৱস্থিত বৰদোৱা অঞ্চল পোৱা যায় ৷ এই পৱিত্ৰ স্থান তথা বৰদোৱা অঞ্চল হৈছে-মহাপুৰুষজনাৰ জন্মস্থান ৷ গতিকে মহাপুৰুষজনাৰ জন্মৰ কাহিনীয়ে গুপ্তেশ্বৰ মন্দিৰ তথা শিঙৰী অঞ্চল আৰু বৰদোৱাৰ মাজত এটা আধ্যাত্মিক সম্পৰ্কৰ কথাকে সোৱঁৰাই দিয়ে৷ গুপ্তেশ্বৰ দেৱালয়ত পুৰোহিতসকলৰ মতে, কুসুম্বৰ ভূঞা আৰু তেখেতৰ পৰিবাৰ বহুবছৰ ধৰি নিঃসন্তান হৈ আছিল ৷ কুসুম্বৰ ভূঞাই সন্তান প্ৰাপ্তিৰ কামনাৰে গুপ্তেশ্বৰ মন্দিৰত পূজা-অৰ্চনা কৰিছিল ৷ পুত্ৰ লাভৰ আশাৰে বাবা গুপ্তেশ্বৰৰ আশীষ লৈছিল ৷ ইয়াৰ পিছত তেওঁলোকে এটি পুত্ৰ সন্তান লাভ কৰে ৷ পুত্ৰ সন্তান জন্মৰ পিছত তেওঁৰ নাম শংকৰ ৰখা হয়৷ শিৱৰ আন এটা নাম হ’ল শংকৰ ৷ গতিকে এই নামেৰে মহাপুৰুষজনাৰ নাম শংকৰদেৱ ৰখা হৈছিল বুলি বিভিন্নজনে প্ৰকাশ কৰিছে ৷ এতিয়াও বহু নিঃসন্তান দম্পতীয়ে সন্তান লাভৰ আশাৰে গুপ্তেশ্বৰ দেৱালয়ত সেৱা-অৰ্চনা কৰি গুপ্তেশ্বৰ বাবাৰ আশীষ লয়৷ এয়া হ’ল গুপ্তেশ্বৰ দেৱালয়ৰ মহাত্ম্য ৷ এই দেৱালয়ৰ চৌহদত মূল মন্দিৰৰ কাষত এটা ধূনীঘৰ আছে ৷ ইয়াত বছৰ বছৰ ধৰি জুই জ্বলি আছে ৷ মন্দিৰত পূজা-অৰ্চনা কৰা ত্ৰিশূল এই ধূনী ঘৰত ৰখা হয় ৷ ইয়াত নাম-কীৰ্তন কৰি ভক্তসকলে প্ৰসাদ আদি গ্ৰহণ কৰে ৷ গুপ্তেশ্বৰ দেৱালয়ৰ আশে-পাশে আন কেবাটাও সৰু সৰু মন্দিৰ তথা থান আছে ৷ দেৱালয়ৰ সন্মুখত পাহাৰৰ ওপৰত গণেশ মন্দিৰ আছে ৷ প্ৰায় এক কিলোমিটাৰ পশ্চিমে সিদ্ধেশ্বৰী থান আছে ৷ ইয়াৰ উত্তৰে প্ৰায় দুই কিলোমিটাৰ নিলগত বিশ্বকৰ্মা থান আছে ৷ সেইদৰে শিঙৰী তিনিআলিত শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰ আছে ৷ ইপিনে গুপ্তেশ্বৰ দেৱালয়ৰ পূৱ দিশে প্ৰায় চাৰি কিলোমিটাৰ নিলগত ভৰা শিঙৰীত হৰগৌৰী মন্দিৰ আছে ৷ ইয়াৰ পৰা প্ৰায় আঠ কিলোমিটাৰ উত্তৰ পশ্চিম দিশে ভংগামন্দিৰ নামৰ গাওঁত এটা শিৱ মন্দিৰ আছে ৷ ইয়াত মন্দিৰটো ভংগ্ন অৱস্থাত থকাৰ বাবে ভংগা মন্দিৰ বুলি কোৱা হৈছে ৷ এই ঠাইখনৰ নাম এতিয়া ভংগামন্দিৰ নামেৰে জনাযাত হয় ৷ এই থান আৰু মন্দিৰ সমূহ গুপ্তেশ্বৰ মন্দিৰৰ সৈতে সম্পৰ্কিত হৈ আছে ৷ ইপিনে শিঙৰীৰ নিকটৱৰ্তী ধিৰাই মাজুলী গাওঁত কেইবছৰ পূৰ্বে ৰাইজৰ দান-বৰঙনিৰে মহামৃত্যুঞ্জয় দেৱালয় নামেৰে এটা শিৱমন্দিৰ নিৰ্মাণ কৰা হৈছে ৷
মন্দিৰ আবিস্কাৰৰ কাহিনী:-
গুপ্তেশ্বৰ মন্দিৰ আবিষ্কাৰৰ এটা কাহিনী আছে ৷ ইয়াৰ বয়োজ্যেষ্ঠসকলৰ মুখে মুখে এই কাহিনী শুনিবলৈ পোৱা যায় ৷ প্ৰবাদ মতে, এবাৰ শিঙৰী পাহাৰৰ কাষৰীয়া বড়ো গাওঁত মহামাৰীয়ে দেখা দিলে৷ সেই সময়ত গাওঁখনৰ এজন বৃদ্ধই সপোনত দেখা পালে যে, ওচৰৰে জংঘলত এটা শিৱমন্দিৰ আছে ৷ এই মন্দিৰত চাকি বন্তি জ্বলালে মহামাৰীৰ অন্ত পৰিব ৷ তেওঁৰ কথামতে স্থানীয় লোকসকলে ঘন জংঘল কাটি চাফা কৰি মন্দিৰ উদ্ধাৰ কৰিলে ৷ ইয়াৰ পিছত মন্দিৰ চৌহদত চাকি বন্তি জ্বলোৱাত মহামাৰীৰ অন্ত পৰে আৰু তেতিয়াৰ পৰাই গুপ্তেশ্বৰ মন্দিৰত ভক্তপ্ৰাণ ৰাইজে পূজা-অৰ্চনা কৰি আহিছে ৷
শিৱৰাত্ৰি মেলা, ভাওঁনা আৰু বাথৌ পূজা:-
শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত প্ৰতিবছৰে শিৱৰাত্ৰি উপলক্ষে পাঁচদিনীয়া মেলা অনুষ্ঠিত কৰা হয় ৷ দেৱালয়খনত অতীজৰে পৰা অনুষ্ঠিত হৈ অহা শিৱৰাত্ৰি মেলাত অসমৰ বিভিন্ন স্থানৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপালৰ পৰা ভক্তপ্ৰাণ লোক গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হয় ৷ বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰা অহা সাধু সন্তসকলক শিৱৰাত্ৰি মেলাত দেখিবলৈ পোৱা যায়৷ ইয়াত শিৱৰাত্ৰি মেলাৰ দিন কেইটাত ইয়াত ভাওনা প্ৰদৰ্শন কৰা হয় ৷ জহামাৰি গাওঁৰ ৰাইজৰ সমুহীয়া উদ্যোগত শিৱৰাত্ৰি মেলাত দেৱালয় চৌহদত ভাওনা প্ৰদৰ্শনৰ পৰম্পৰা চলি আহিছে ৷ শিঙৰীৰ নিকটৱৰ্তী বগৰীবাৰী ৰাভা গাওঁৰ ৰাইজেও ইয়াত ভাওঁনা প্ৰদৰ্শন কৰি আহিছে ৷ আনহাতে শিৱৰাত্ৰি মেলাৰ সময়ত ইয়াত বড়ো সম্প্ৰদায়ৰ ৰাইজে বাথৌ পূজা অনুষ্ঠিত কৰে ৷ বাথৌ মহাসভাৰ উদ্যোগত ইয়াত বাথৌ পূজা অনুষ্ঠিত কৰা হয় ৷
------যোগাযোগ: 9854034243
Email: narayanphayel4@gmail.com
Post a Comment