Guest Column

নেপালী সাহিত্যত আদিকবি ভানুভক্তৰ স্থান, এক পৰ্য্যালোচনা ::: ভানুভক্তৰ আধ্যাত্ম্য ৰামায়ণৰ উল্লেখনেৰে এক চমু বিশ্লেষণ ।

Blog Image

নেপালী সাহিত্যত আদিকবি ভানুভক্তৰ স্থান, এক পৰ্য্যালোচনা ::: ভানুভক্তৰ আধ্যাত্ম্য ৰামায়ণৰ উল্লেখনেৰে এক চমু বিশ্লেষণ ।

প্ৰাঞ্জল প্ৰতীম বৰা, বালিপৰা ,শোণিতপুৰ

মোবাইল : ৯৯৫৪১৯৪১১৩

(অসম চৰকাৰৰ যুৱ লেখক সন্মানপ্ৰাপ্ত যুৱ নিৱন্ধকাৰ, আজীৱন সদস্য অসম নেপালী সাহিত্য সভা)

১৮১৪ খ্ৰীষ্টাব্দৰ ১৩ জুলাইৰ দিনা ধনঞ্জয় আচাৰ্যৰ ঔৰসত আৰু ধৰ্মৱতী দেৱীৰ গৰ্ভত জন্ম লাভ কৰা ভানুভক্ত আচাৰ্য নেপালী জনসমাজত ‘আদিকবি’ হিচাপে পৰিচিত। লগতে পৰিচিত ‘ৰাষ্ট্ৰকবি’ হিচাপেও। এইগৰাকী মহান ব্যক্তিৰ সৎ তথা শৃংখলাবদ্ধ প্ৰচেষ্টাতে নেপালী ভাষাৰ মাধ্যমতো নেপালী ভাষা-সাহিত্যই ৰচনাৰ সমল ধাৰণাৰ ইয়াৰ পৰিপ্ৰেক্ষিতত ভানুভক্ত অবিহনে নেপালী সাহিত্য তথা সমগ্ৰ সাহিত্য জগত যেন একপ্ৰকাৰ আধৰুৱা। উল্লেখ্য যে, ভানুভক্ত আচাৰ্যক তেওঁৰ উল্লেখযোগ্য অৱদানসমূহৰ বাবে প্ৰথমবাৰৰ বাবে নেপালী যুৱ কবি তথা প্ৰতিষ্ঠিত সাহিত্যিক মোতিৰাম ভট্টই ‘আদিকবি’ হিচাপে নিজৰ লেখনীত উল্লেখ কৰিছিল। প্ৰাপ্ত তথ্য মতে, ভানুভক্তৰ মহাপ্ৰয়াণৰ ৪০ বছৰমান পাছত ডাইটী ভানুভক্ত দেৱৰ জীৱনীমূলক গ্ৰন্থ ৰচনা কৰোতে তেওঁক ‘আদিকবি ভানুভক্ত’ হিচাপে উল্লেখ কৰি অন্য এক পৰিচয় প্ৰদান কৰিছিল।  কিন্তু, ১৯৯৭ ত যুদ্ধেশ্বেশ্বৰ বাণাই ‘ভানুভক্ত’ক ‘আদিকবি’ বুলি ক’ব পৰা যায় বুলি বিশেষ প্ৰসংগত উল্লেখ কৰাৰ পিছতহে ভানুভক্তৰ নামৰ আগত এই বিশেষ বিশেষণ সংলগ্ন হোৱাৰ লগতে সকলোৰে মাজত আদিকবি বুলি জনাজাত হৈ পৰা পৰিলক্ষিত হয়। নেপালী ভাষা-সাহিত্য-সংস্কৃতিত ৰামায়ণী সাহিত্যৰ ধাৰা পূৰ্বৰেপৰাই প্ৰচলিত আছিল যদিও আদিকবি ভানুভক্তৰ প্ৰথম তথা বিশেষ পৰিচয় ৰামায়ণ প্ৰণেতা হিচাপেইহে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, এইগৰাকী আদিকবিয়ে বাল্মীকিৰ ৰামায়ণৰ পৰিৱৰ্তে আধ্যাত্ম ৰামায়ণহে সুশৃংখলিতভাৱে নেপালী ভাষালৈ অনুবাদ কৰিছে। ভানুভক্তই ৰামায়ণখন অনুবাদ কৰাৰ অনুপ্ৰেৰণাৰ দিশলৈ ভুমুকিয়াই চালে গম পোৱা যায় যে, তেওঁৰ ককাদেউতাক শ্ৰীকৃষ্ণ আচাৰ্যই আধ্যাত্ম ৰামায়ণ নিতৌ পাঠ কৰিছিল। আনকি, কেতিয়াবা ককাকে নাতিয়েক ভানুভক্তো এই ৰামায়ণখনকে পাঠ কৰি তাৰ আধ্যাত্মিক ব্যাখ্যা সহজ-সৰল ভাষাত আগবঢ়োৱাৰ লগতে ভানুভক তাৰ সাৰমৰ্ম হৃদয়ংগম কৰিবলৈ আহ্বান জনাইছিল। উক্ত কাৰণতে ভানুভক্ত আচাৰ্যই সমাজকেন্দ্ৰিক দৃষ্টিভংগী পোষণ কৰি পৰৱৰ্তী সময়ত আধ্যাত্ম ৰামায়ণখনকে অনুবাদ কৰে। ভানুভক্তই আধ্যাত্ম ৰামায়ণৰ অনুবাদ কৰোতে অকল নেপালী ভাষাটোকে গুৰুত্ব দি সীমাবদ্ধতা ৰখা নাই, বৰঞ্চ এখন সুস্থ-সৰ্বাংগীণ নেপালী সমাজ জীৱনৰ প্ৰতিচ্ছবি আধ্যাত্ম ৰামায়ণখনৰ মাজত ফুটাই তুলিবলৈ সক্ষম হৈছে। গুৰুত্বপূৰ্ণ বিষয় যে, ভানুভক্তই নেপালী সমাজব্যৱস্থাত প্ৰচলিত ‘থচ’ ভাষাক সাহিত্যিক ভাষাৰ স্বৰূপ প্ৰদান কৰি অন্য এক বিশেষ কৃতি অৰ্জন কৰি গৈছে। ভানুভক্তই আধ্যাত্ম ৰামায়ণখন নেপালী ভাষালৈ অনুবাদ কৰিছে যদিও সেয়া বাল্মীকিৰ মূল সংস্কৃত ৰামায়ণখনৰ সম্পূৰ্ণ অনুবাদ নহয় বুলি জনা যায়।

মূলতঃ আধ্যাত্ম:  ৰামায়ণৰ মূল লক্ষ্য হ’ল জনমানসত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা লগতে শ্ৰীৰামচন্দ্ৰক ঐশ্বৰিক মাহাত্ম্যৰে এজন সন্তোনমুখী অৱতাৰী পুৰুষ হিচাপে জনতাৰ মাজত পৰিচয় তথা প্ৰতিষ্ঠা কৰা। উল্লেখ কৰিব পাৰি যে, অন্যান্য ভাষাবোৰত ৰচিত ৰামায়ণৰ তুলনাত ভানুৰ ৰামায়ণখন তুলনামূলকভাৱে সংক্ষিপ্ত যদিও মূল উদ্দেশ্য সিদ্ধিত ভানুৱে উপস্থাপনশৈলীত বিশেষ গুৰুত্ব প্ৰদান কৰাটো দৃষ্টিগোচৰ হৈছে। ভানুৱে সকলোৰে সহজ বোধগম্যতাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীৰামচন্দ্ৰৰ আধ্যাত্মিক, মাহাত্ম্যপূৰ্ণ চৰিত্ৰ; ৰাৱণৰ চিত্ৰায়ণ, সামাজিক ব্যৱস্থাৰ উপস্থাপন, নেপালী জতুৱা ঠাঁচসমূহৰ সাৱলীল ব্যৱহাৰ, উন্নত ভাবভংগী, ছন্দৰ যথোপযুক্ত ব্যৱহাৰ, আদি বিভিন্ন ক্ষেত্ৰত নিজৰ আধ্যাত্ম ৰামায়ণখনত জোৰ দিছে। ইয়াৰ বাবেই হয়তো নেপালী সমাজত আধ্যাত্ম ৰামায়ণৰ স্থান সুউচ্চ আৰু সুকীয়া বুলি বিবেচিত হৈছে। আধ্যাত্ম ৰামায়ণখন অধ্যয়ন কৰিলে অনুভৱ হয় ভানুভক্তই ৰামায়ণখনৰ দীঘলীয়া ব্যাখ্যাবোৰ কম কথাতেই সাৱলীলতাৰে কৰ্মানুসাৰে উপস্থাপন কৰিছে। ভানুভক্ত আচাৰ্যৰ আধ্যাত্ম ৰামায়ণে জনমানসত জনপ্ৰিয়তা লাভ কৰা প্ৰসংগত Prof. Michael Hutt এ তেওঁৰ Nepali A National Language and Its Literature শীর্ষক সুখ্যাত প্ৰবন্ধত এইদৰে উল্লেখ কৰিছে— 'Those who represent Bhanubhakta as a jan yogi a folk poet, argue that his language is so imbued with nepalia, that it is comprehensible even to the illiterate when read aloud.. great popularity to his Ramayana among the common people of Nepal.' এইগৰাকী আদিকবিয়ে আধ্যাত্ম ৰামায়ণৰ লগতে ‘বধুশিক্ষা’, ‘ভক্তমালা’, ‘প্ৰশ্নোত্তৰ, ৰামগীতা আদি বিভিন্ন গ্ৰন্থ ৰচনা কৰি জনমানসত সংগঠনকেন্দ্ৰিক, সমাজকেন্দ্ৰিক বহল দৃষ্টিভংগীৰ পৰিচয় দাঙি ধৰিছে। আদিকবিগৰাকীৰ মহান আদৰ্শৰে সকলো শ্ৰেণীৰ ৰাইজ বিশেষকৈ যুৱ সমাজ সমন্বয়ৰ মাজেদি সুস্থ পথত আগবাঢ়ি যাওক তাৰেই কামনা । নেপালী ভাষা-সাহিত্য-সংস্কৃতিত ৰামায়ণী সাহিত্যৰ ধাৰা পূৰ্বৰেপৰাই প্ৰচলিত আছিল যদিও আদিকবি ভানুভক্তৰ প্ৰথম তথা বিশেষ পৰিচয় ৰামায়ণ প্ৰণেতা হিচাপেহে।

                                            ________________________

 

 


Share this post
Comments

Please login or register to comment.

No comments yet.

Facebook Comments