গৃহ, পিতা-পুত্ৰ, শাহু-বোৱাৰী, শান্তি আৰু হাঁহি - এক বিশ্লেষণ ।
নৱকুমাৰী দেৱী,
সহকাৰী অধ্যাপিকা,দৰ্শন বিভাগ
লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়,
ঢেকিয়াজুলি, শোণিতপুৰ, অসম
গৃহ :
বিশ্বজগতেই হ'ল ইশ্বৰ সৃষ্ট বস্তুৰ ঘৰ বা গৃহ। যেনেকৈ মানুহৰবাবে গৃহ , মৎস্য জাতীয় বস্তুৰ বাবে - নৈ ,জান, জুৰি, সাগৰ, মহাসাগৰ, তৰা,গ্ৰহ, নক্ষত্ৰৰ বাবে - আকাশ, জীৱ জন্তুৰ বাবে - অৰণ্য , মনি, মুকুতাৰ বাবে - সাগৰৰ গৰ্ভ, লাভা, জ্বালামুখী ইত্যাদিৰ বাবে - পাহাৰ পৰ্বত, তৈল জাতীয় বস্তুৰ বাবে - পৃথিৱীৰ গৰ্ভ , চৰাই চিৰিকতিৰ বাবে গছ গছনি অৰ্থাৎ পৃথিৱীত ইশ্বৰ সৃষ্ট বস্তুৰ প্ৰত্যেকৰে থাকিবলৈ ইশ্বৰে নিৰ্দিষ্ট স্থান নিৰ্ণয় কৰি দিছে। কিন্তু আচৰিত কথা যে মানুহে অতীতৰ পৰাই নিজৰ পছন্দ অনুযায়ী নিজে গৃহ নিৰ্মাণ কৰি নিজৰ ভৱিষ্যত প্ৰজন্মলৈকে থকাৰ সূবিধা কৰা দেখা যায়। সাধাৰণতে দেখা যায় যে সকলো মানুহৰ গৃহত পিতৃ মাতৃ , ল'ৰা ছোৱালী , শাহু - বোৱাৰীৰ মধুৰ সম্পৰ্কত এক সূন্দৰ হাহিঁ বৰ্তি থাকে ।
পিতৃ মাতৃ আৰু সন্তান:
পিতৃ মাতৃ আৰু সন্তানৰ অতিকৈ মৰমৰ বসবাসৰ স্হান হ'ল গৃহ বা ঘৰ। এই বিশ্বত সকলো পিতৃ মাতৃয়ে নিজ গৃহত থাকি নিজৰ সন্তানক উপযুক্ত কৰিবৰ বাবে চেষ্টা কৰা দেখা যায়। সেয়ে পিতৃ মাতৃয়ে সন্তানক উপযুক্ত কৰাৰ বাবে বাল্যকালৰ পৰাই শিশুক ইংৰাজী মাধ্যমৰ স্কুলৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীৰ পঢ়া সমাপ্ত কৰি দিয়া দেখা যায়। ল'ৰা ছোৱালীক উপযুক্ত কৰোঁতে পিতৃ মাতৃয়ে সন্তানৰ লগত আৰু সন্তানেও পিতৃ মাতৃৰ লগত সহযোগিতা কৰা দেখা যায়। কিন্তু সন্তান যেতিয়া নিজৰ ভৰিত নিজে থিয় হয় তেতিয়া কিছুমান সন্তান নিজৰ পিতৃ মাতৃৰ কথা মতেই আগবাঢ়ি যায় আৰু কিছুমান সন্তান অভিভাৱকৰ কথা কেৰেপ নকৰি নিজৰ স্বইচ্ছা অনুযায়ী চলা দেখা যায়। নিজ সন্তান যেনেকুৱাই নহওঁক কিয় সি সদায় পিতৃ মাতৃৰ মৰমৰ আৰু আদৰৰ হয়। পিতৃ মাতৃয়ে সদায় নিজ সন্তানৰ সকলো স্বভাৱ চৰিত্ৰ আৰু ইচ্ছা অনিচ্ছাৰ বিষয়ে জানে । ঘৰ এখনত ল'ৰা ছোৱালীক পঢ়াই বঢ়াই উপযুক্ত কৰা লৈকে ঘৰখনত এক শান্তিৰ পৰিবেশ বিৰাজ কৰি থাকে।
সন্তানৰ বিয়া আৰু আন্তৰিক স্নেহৰ আদান প্ৰদান:
সন্তান উপযুক্ত হ'লে পিতৃ মাতৃৰ কৰ্তব্য হ'ল নিজ সন্তানৰ বিয়া উপযুক্ত স্থান আৰু উপযুক্ত পাত্ৰত বিয়া কৰাই দিয়া। যদি সন্তান ছোৱালী হয় তেন্তে উপযুক্ত স্থান আৰু পাত্ৰত অভিভাৱকে বিয়া কৰাই দিব পাৰিলে মনত শান্তিয়ে বিৰাজ কৰে আৰু যদি সন্তান ল'ৰা হয় তেন্তে উপযুক্ত স্থান আৰু পাত্ৰত ল'ৰাৰ ঘৰ সংসাৰ কৰাই দিব পাৰিলে পিতৃ মাতৃৰ মনত শান্তি আৰু হাঁহি অন্তৰস্থ ভাৱে বিৰাজ কৰে। নিজৰ সন্তান ল'ৰা ছোৱালীৰ বিয়া দিয়া বা হোৱাৰ পিছত পিতৃ মাতৃৰ মনত বিভিন্ন ধৰণৰ চিন্তাই ঠাই পায় - যেনে ছোৱালী জনীয়ে নিজৰ ঘৰ খন মৰমেৰে আকোঁৱালি ল'ব পাৰিছেনে নাই, শাহু - শহুৰৰ লগত মিলি যাব পাৰিছেনে নাই , ঘৰ খনত থকা অন্যান্য মানুহৰ লগত মিত্ৰতা কৰিব পাৰিছেনে নাই, ঘৰৰ কাম বন কৰি চাকৰি বৰ্তাই চলিবলৈ দিকদাৰ পাইছেনেকি তাই ? ইত্যাদি ইত্যাদি। ল'ৰাৰ ক্ষেত্ৰত দেখা যায় যে নকন্যা বা নবোৱাৰী জনী ঘৰ খনৰ লগত মিলি যাব পাৰিছেনে নাই ? , তাই ভবা মতে আমাৰ পৰা মৰমৰ ব্যৱহাৰ পাইছেনে নাই ? ইত্যাদি ইত্যাদি। আজিকালি সকলো ল'ৰা ছোৱালীয়েই উচ্চ শিক্ষাৰে শিক্ষিত , গতিকে সকলো অভিভাৱকেই জ্ঞাত যে শিক্ষিত নবোৱাৰী পঢ়াৰ সময়ত হয়তো হোষ্টেল নাইবা পেইন গেষ্টত থাকি অধ্যয়ন কাৰ্য্য সমাপ্ত কৰা হ'ব, তাৰোপৰি যদি বাহিৰত থাকি অধ্যয়ন কৰা হয় তেন্তে উৰাজাহাজত যাত্ৰা কৰি , জিনচ্ আৰু টি চাৰ্ট পিন্ধি ডাঙৰ দীঘল হোৱা হব, তেনে ক্ষেত্ৰত শাহু শহুৰ আৰু পুত্ৰ বোৱাৰীৰ মাজত বহু এৰা ধৰা কৰি চলিব লগা হয়। আজিৰ যুগ বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু ডিজিটেল অৰ্থাৎ অনলাইনৰ যুগ। এই একবিংশ শতিকাত কোনো মানুহেই কাৰোবাৰ বোজা হৈ জীৱন নিৰ্বাহ কৰিব নিবিচাৰে। সেয়ে সকলো মানুহেই কিবা নহয় কিবা এটা কৰি নিজে স্বাৱলম্বী হোৱাত গুৰুত্ব দিয়ে। গতিকে বৰ্তমান যুগত পুত্ৰ, ছোৱালী , শাহু, শহুৰ, বোৱাৰী ,খুৰা,খুৰী, পেহা ,পেহী যিয়েই নহওঁক কিয় সকলোৱে নিজ উপাৰ্জিত অৰ্থেৰে চলিব বিচাৰে অৰ্থাৎ আনৰ বোজা হৈ কোনেও জীৱন নিৰ্বাহ কৰিব নিবিচাৰে কাৰণ সকলোৱেই নিজ কৰ্মৰ প্ৰতিভাৰে নিজৰ পৰিচয় দি অৰ্থ উপাৰ্জন কৰি সূখী হ'ব বিচাৰে। সেয়ে বৰ্তমান সময়ত শিক্ষিত বোৱাৰীৰ লগত যি শাহু মিলি যাব পাৰে তেওঁলোকে আনন্দ আৰু হাঁহি ভৰা ফূৰ্তিৰ জীৱন যাপন কৰিব পাৰে। বৰ্তমান সময়ত সকলো শিক্ষিত ছোৱালী বা বোৱাৰী যিয়েই নহওঁক কিয় সকলোৱেই অনলাইনৰ শিক্ষাত পাৰ্গত অৰ্থাৎ যাত্ৰা কৰোঁতে অনলাইনত টিকট কটা, অনলাইনত পইচাৰ ট্ৰেনজেকছন কৰা, অনলাইন যোগেদি ব্যবসায় কৰা , অনলাইন যোগেদিয়েই চাকৰি কৰা , অনলাইন যোগেদি টিউচন কৰা তাৰোপৰি গাড়ী চলোৱাতো পাকৈত হোৱা দেখা যায়। বৰ্তমান সময়ত যিমান শিক্ষিত হ'লেও বিভিন্ন ধৰণৰ পঢ়া পাতি আৰু লিখা মেলা কৰি সকলোৱেই ভাল পায় , তেনে ক্ষেত্ৰত বাধা আৰোপ কৰিলে শিক্ষিত নাৰীয়ে বেয়া পায়।সকলোতকৈ ডাঙৰ কথা হ'ল যে যদি বোৱাৰী HS বা B.A, মাত্ৰ পঢ়া হয় তেন্তে জ্ঞানী শাহু শহুৰে বোৱাৰীক M.A. ,B.Ed , D.El.Ed আৰু Ph.D পৰ্য্যন্ত পঢ়াত আৰু চাকৰি পাবৰ কাৰণে অনলাইনত কোচিং কৰিবলৈ সূবিধা কৰি দিয়া দেখা যায়। শিক্ষিত বোৱাৰীক শাহু - শহুৰে জীয়ৰীৰ সমান ভাৱি হৃদয়েৰে মৰমৰ ব্যৱহাৰ কৰিলে বোৱাৰীয়ে শাহু শহুৰক পাৰ্কত ফুৰিবলৈ লৈ যোৱা, চিনেমা চাবলৈ লৈ যোৱা, আত্মীয় স্বজনৰ ঘৰলৈ লৈ যোৱা, শ্বপিং অৰ্থাৎ বজাৰ কৰিবলৈ লৈ যোৱা, কোতিয়াবা আনন্দ ফূৰ্তিৰ কাৰণে ৰেষ্টুৰেন্টত লৈ যোৱা, শাহু শহুৰৰ জন্ম দিন আৰু বিবাহ বাৰ্ষিকী পাতি আত্মীয় স্বজনক মাতি আপ্যায়ন কৰা দেখা যায়, তাৰোপৰি যদি পুত্ৰ বোৱাৰী বাহিৰত চাকৰি কৰে তেনে ক্ষেত্ৰত ও বহুঅসূবিধাৰ সন্মূখীন হৈও নিজ পিতৃ মাতৃক লগত ৰাখি পৰিচৰ্য্যা কৰা দেখা যায়। তাৰোপৰি বৰ্তমান আধুনিকতাৰ যুগত ডেকা বুঢ়া সকলোৱেই বিউটি পাৰ্লাৰত গৈ চুলিত ষ্টাইল দি কাটি , ফেচিয়েল কৰি সকলোৱেই ভাল পোৱা হৈছে আৰু হ'বও লাগিব কাৰণ চুলি জোখত ৰাখিলে চেম্পু আৰু কলপ সঘনাই কৰিব পাৰি আৰু ফেচিয়েল কৰিলে চেহেৰা ভাল হৈ থাকে। আজিকালি প্ৰয়োজন সাপেক্ষে বিয়া,সভাহ, পূজা , বিশেষ পাৰ্টিৰ সময়ত শাহু বোৱাৰী সকলোৱেই নিজকে সূন্দৰ ৰূপত সজাই পৰাই ভাল পায় কাৰণ সূন্দৰতা হ'ল নাৰীৰ শৃঙ্গাৰ। সেয়ে শাহু বোৱাৰীৰ ঘনিষ্ঠ সম্পৰ্কত যি কোনো কাৰ্য্যত বিউটি পাৰ্লাৰ , হাতত মেহন্দী লগোৱা সাধাৰণ কাম হৈ যোৱা দেখা যায়। মূলত এই পৃথিৱীত সকলোকে মৰমৰ ব্যৱহাৰৰ দ্বাৰাহে বশ বা তাৰ অন্তৰ জয় কৰিব পাৰি ,ই যে চিৰন্তন সত্য কথা। সেয়ে সমাজত দেখা যায় যে যি পিতৃ মাতৃ দূৰদৰ্শী আৰু জ্ঞানী হয় তেওঁলোকে নিজে বহু কষ্ট স্বীকাৰ কৰিও সন্তানৰ ভৱিষ্যতৰ কথা ভাবি কিছুমান ক্ষেত্ৰত এৰা ধৰা কৰি জীৱন যাপন কৰে আৰু জীৱন সৰ্বাঙ্গ সূন্দৰ কৰে।
নিজ পৰিয়াল বৰ্গৰ লগত আন্তৰিক স্নেহৰ অভাৱত অকলশৰীয়া জীৱন যাপন:
এই পৃথিৱীত সন্তানৰ বিয়াৰ পিছত পিতৃ মাতৃৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। আজিকালি মানুহৰ সন্তান এটা বা দুটা। তথাপিও এই সংসাৰত কিছুমান পিতৃ মাতৃয়ে নিজ সন্তানৰ বিয়াৰ পিছত পুত্ৰ আৰু পুত্ৰ বধুৰ লগত মৰম স্নেহ বা এৰা ধৰা কৰিব নাজানি নিজ সন্তান থাকিও সদায় নথকাৰ নিচিনা অকলশৰীয়া জীৱন যাপন কৰি অনবৰতে পুত্ৰ - বোৱাৰীৰ বদনাম কৰি কৰি অশান্তিক আকোঁৱালি লোৱা দেখা যায়। প্ৰাচীন কাল আৰু বৰ্তমান যুগত মানুহৰ আচাৰ ব্যৱহাৰ , শিক্ষা দীক্ষা, শ্ৰদ্ধা ভক্তি, কৰ্তব্য নিষ্ঠা, সম্বন্ধৰ প্ৰতি দায়বদ্ধতা ইত্যাদি ইত্যাদি ক্ষেত্ৰত আকাশ পাতাল পাৰ্থক্য পৰিলক্ষিত হয়। আগৰ দিনত বেছিভাগ মানুহে যিকোনো ক্ষেত্ৰত নতশিৰ হৈ নিজ কৰ্তব্যত অটল আছিল কিন্তু বৰ্তমান সময়ত সেই চিন্তা চৰ্চা উৰি গ'ল আৰু যি মন যায় তাকে কৰি মানুহে তাতে শান্তি পোৱা হ'ল। সেয়ে সমাজত আজিকালি বিভিন্ন ধৰণৰ পৰিয়াল কেন্দ্ৰিক ঘটনা ঘটা দেখা যায়। পৰিয়াল কেন্দ্ৰিক যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নিজৰ বংশ পৰিয়ালৰ মানুহ মিলিত হৈ সেই সমস্যাৰ সমাধান কৰিব পৰা যায়। সেয়া কৰিও যদি নহয় তেন্তে ওচৰতে থকা মহিলা সমিতি নাইবা আইনৰ জৰিয়তে সমস্যা সমাধানৰ ওচৰ চাপি সমস্যা দূৰীকৰণৰ ব্যৱস্থা ল'ব লগা হয় । কিন্তু প্ৰায়েই সমাজত দেখা যায় যে নিজৰ ঘৰ আৰু বংশ পৰিয়ালৰ আত্ম সন্মানৰ হানিত সেয়া কৰিবলৈ মানুহে টান পায় ফলত বিভিন্ন ধৰণৰ নকৰিবলগীয়া কাৰ্য্য অৰ্থাৎ যি আইনৰ দৃষ্টিতো নীতি বিৰুদ্ধ সেয়া ঘৰৰ পৰিয়ালৰ মাজত সংঘটিত হয় । যেনে: যি মানুহৰ দুটা সন্তান - এজনী ছোৱালী আৰু এটা ল'ৰা থাকে তেওঁলোকৰ ক্ষেত্ৰত নিজৰ ছোৱালীক বেলেগৰ পুত্ৰলৈ বিয়া দিয়া আৰু নিজ পুত্ৰৰ কাৰণে বেলেগৰ ঘৰৰ ছোৱালী বিয়া পাতি লৈ অনা হয়। অনুভৱ কৰিব লগীয়া বিষয় হ'ল যে জোঁৱাইৰ ঘৰত যদি নিজৰ ছোৱালী জনীক মৰমেৰে আকোঁৱালি নলয় তেন্তে পিতৃ মাতৃৰ হৃদয় হতাশাগ্ৰস্ত হয় , ঠিক তেনেদৰে পুত্ৰ বধুক যদি শাহু - শহুৰে মৰমেৰে আকোঁৱালি নহয় তেন্তে বিয়ৈ বিয়ৈনীৰ মনো হতাশাগ্ৰস্ত হয়। সমাজত প্ৰায়েই দেখা যায় যে বিয়া দিয়া ছোৱালীৰ কথা শুনি শাহু শহুৰে নিজ পুত্ৰ বধুক নিন্দা আৰু সহ্যৰ বাহিৰত কৰ্কথনা কৰা দেখা যায়। তাৰোপৰি বৰ্তমানযুগত শাহু শহুৰ পুত্ৰ বধুৰ মাজত মিলাপ্ৰীতিৰ অভাৱত অশান্তিৰ পৰিস্থিতিৰ সন্মুখীন হৈ পিতৃ মাতৃয়ে বেলেগে থাকি খোৱা বোৱা কৰা দেখা যায় আৰু প্ৰয়োজন সাপেক্ষে পুত্ৰই পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ অহা দেখা যায় আৰু বাধ্যত পৰি পিছলৈ পিতৃ মাতৃক নোচোৱা হয়, ইয়াৰ মূল হ'ল পিতৃ মাতৃ কাৰণ পিতৃ মাতৃৰ সন্মতিত পুত্ৰৰ বিয়া পাতি পুত্ৰ বধুক ঘৰলৈ লৈ অনা হয় । সেয়ে সকলো পিতৃ মাতৃয়ে পুত্ৰ বধুক আকোঁৱালি ল'ব পাৰিব লাগিব। পিতৃ মাতৃ বয়সত ডাঙৰ হয় , কিন্তু পুত্ৰ বধু বয়সত সৰু হয় । যদিও পুত্ৰ বধু অহংকাৰী, আনৰ লগত মিলিব নোৱাৰা , কাৰো কথা নুশুনা, মূখে মূখে তৰ্ক কৰা হয় তথাপিও শাহু শহুৰে তেওঁক আলিঙ্গণ কৰিব লাগিব কাৰণ তেওঁক সমাজৰ সাক্ষী কৰি, হোম পুৰি নিজৰ ঘৰলৈ নিজ পুত্ৰবধু কৰি লৈ অনা হয়। সেয়ে পুত্ৰ বধুৰ সৰ্বাংগীন জীৱন দাতা আৰু অভিভাৱক শাহু শহুৰ হয় । ইফালে পুত্ৰ বধু নহ'লে ল'ৰাৰ ঘৰ সংসাৰ নহয় , আকৌ পুত্ৰ যদি মাক বাপেকৰ লগত নাথাকে মাক বাপেকৰ সংসাৰ মৃতপ্ৰায় সদৃশ হয় । সেয়ে বৰ্তমান সময়ত জীৱনত সূখ শান্তি বিচাৰিবলৈ হ'লে নিজ পৰিয়াল বৰ্গৰ লগত কেনেদৰে মিলি থাকিব পাৰি তাৰ জ্ঞানৰ বহু প্ৰয়োজন। মানুহে শৰীৰ সূস্থ থকালৈকেহে পৰিয়াল বৰ্গৰ লগত কাজিয়া কৰি মিলিব নোৱাৰে, কিন্তু যিদিনা শৰীৰ অসূস্থ হৈ ভাঙি পৰে সেইদিনা বেলেগৰ মানুহে আহি নাচায়, বৰঞ্চ ইতিকিংহে কৰা দেখা যায়, সেইদিনা কিন্তু নিজ পুত্ৰ বধুকহে মানুহে আকোঁৱালি ল'ব পাৰে, কিন্তু আনক হাজাৰ হ'লেও আকোঁৱালি ল'ব নোৱাৰে। সেয়ে সকলো পিতৃ মাতৃয়ে মৰমৰ মাধ্যমেৰে ইজনে সিজনৰ দায় দোষ নধৰি,ভূল ত্ৰুটি সমূহৰ সংস্কাৰ সাধন কৰি ইজনে সিজনক আকোঁৱালি ল'বলৈ শিকিলে পৰিয়ালৰ সকলো সদস্যৰ সূখ, শান্তি, উন্নতি, প্ৰগতি আৰু মুখত হাঁহি বিৰিঙি থাকিব।
সামৰণি:
মৰম দিলে মৰম পায় - এই কথাষাৰ সঁচা। হিয়াভৰা মৰম স্নেহ পইচা দি কিনিব নোৱাৰি, কিন্তু পাব পাৰি বহু ত্যাগ স্বীকাৰ আৰু হৃদয়ৰ অন্তৰস্থ আপোন ভাৱৰ পৰা। বৰ্তমান সময়ত মানুহৰ সন্তান এটা বা দুটা তথাপিও মানুহে নিজৰ সন্তানক পৰাপক্ষত ক্লাছ চিস্কৰ পৰাই নৱোদয় , সৈনিক স্কুল নাইবা প্ৰাইভেট ৰেচিডেঞ্চিয়েল স্কুলত ভৰ্তি কৰি পঢ়োৱা দেখা যায়, সেই তেতিয়াৰ পৰাই পিতৃ মাতৃ অকলশৰীয়া হয় ইয়াৰ মূল উদ্দেশ্য হ'ল সন্তানৰ ভৱিষ্যতৰ মঙ্গলময় কামনা কৰা। ডেকা অৱস্থাত মানুহে সকলো ত্যাগ স্বীকাৰ কৰিব পাৰে কিন্তু বৃদ্ধাৱস্থাত ল'ৰা ছোৱালীৰ সঙ্গৰ প্ৰয়োজন হয় কাৰণ তেতিয়া মানুহৰ শৰীৰ অৱস হয় আৰু কৰ্ম বিমূখ হৈ পৰে। মানুহে জীৱনত সঙ্গ পাবৰ বাবে ঘৰত কুকুৰ, মেকুৰী পোহা দেখা যায় কাৰণ জীৱ-জন্তু ঘৰত পুহিলে তেওঁলোকে মানুহৰ আচাৰ ব্যৱহাৰ বুজি পায় আৰু মানুহৰ লগত মাত মাতি ভাৱৰ আদান প্ৰদান কৰিব নোৱাৰিলেও ঘৰতে থাকে, কতো নাযায়, মানুহৰ লগত খেলে, মানুহে যি খায় পিছলৈ তেওঁ লোকে একে খাদ্য খোৱা হয় আৰু মানুহৰ লগত একেলগে শুই থাকেও।প্ৰাণীক যদি মানুহে মৰম দি সঙ্গী কৰিব পাৰে তেন্তে নিজৰ সন্তানৰ লগত মানুহে মিলা প্ৰীতি কৰি কিয় সন্তানে ভৱা মতে সঙ্গ দিব নোৱাৰে। সেয়া মানুহৰ বাবে বহু দুখ আৰু পৰিতাপৰ কথা। আচলতে প্ৰয়োজনত হে মানুহে মানুহক ভাল পাব লাগে সেয়া নহয় , আনক আন্তৰিক ভাৱে ভাল পাব পৰাটো মানুহৰ ডাঙৰ গুণ , যি ব্যক্তিৰ এই গুণ থাকে তেওঁ কাৰো অহিত চিন্তা কৰিব নোৱাৰে আৰু সকলোৰে লগত মিলি জুলি, হাঁহি থাকিব পাৰে কাৰণে তেওঁ সমাজৰ লগতে, দেশ আৰু ৰাষ্ট্ৰৰো নমস্য ব্যক্তি হয় । সেয়ে সকলোৱে এই পৃথিৱীত নিজ পৰিয়াল বা সন্তানৰ লগত মিলি জুলি থাকি আনৰ দৃষ্টিত গৌৰৱৰ পাত্ৰ হ'বলৈ চেষ্টা কৰা উচিত অন্যথা মানুহে মানুহক চিনাকী দিবলৈ মনে মনে থাকিব লাগিব।
___________________________________
Post a Comment