Blog

নেপালী লোক সাহিত্যৰ বিষয়ে চমু পৰিচয়

Blog Image
নেপালী লোক সাহিত্যৰ বিষয়ে চমু পৰিচয় নৱকুমাৰী দেৱী, সহকাৰী অধ্যাপিকা,দৰ্শন বিভাগ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়, ঢেকিয়াজুলি, শোণিতপুৰ, অসম মোবাইল: ৭০০২৯১৪৬৪৯ প্ৰাচীন অৱস্থাত বিশ্বৰ সকলো মানুহৰ সুখ-দুখৰ অনুভৱ একে আছিল। মানুহে দুখত কান্দিছিল, সুখত হাঁহিছিল আৰু বিপদত সহায় বিচাৰি চিঞৰিছিল। লোক সাহিত্য হৈছে সমাজ জীৱনৰ এক সৰল অভিব্যক্তি, য'ত মানুহৰ জীৱনৰ অভিজ্ঞতাবোৰ থুপ খাই থাকে। লোক সাহিত্যৰ সৃষ্টিকৰ্তা সাধাৰণতে অজ্ঞাত থাকে আৰু ই মুখে-মুখে পৰিবৰ্তিত হৈ পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ পৰিচিত হয়। ই একধৰণৰ অলিখিত ইতিহাসৰ ৰূপ, যি জনতাৰ সুখ-দুখ, অভিজ্ঞতা আৰু অনুভৱৰ সঠিক ৰূপ বৰ্ণনা কৰে। নেপালী ভাষাতো এক সমৃদ্ধ লোক সাহিত্যৰ পৰম্পৰা আছে, যাৰ ভঁৰালত বহু ধৰণৰ সাহিত্যৰ সামগ্ৰী মজুত আছে। নেপালী লোক সাহিত্যক সাতটা মুখ্য ভাগত বৰ্ণনা কৰা হৈছে । সেইবোৰ হ'ল:- ১. লোক গীত ২. লোক গাথা ৩. সাধুকথা ৪. লোক নাটক ৫. লোকোক্তি ৬. লোকমন্ত্ৰ আৰু ৭. অন্যান্য বা প্ৰকীৰ্ণ সাহিত্য এই লেখাত নেপালী লোক সাহিত্যৰ অন্যতম ধৰণ লোকোক্তিৰ বিষয়ে আলোচনা কৰা হৈছে। লোকোক্তি সাধাৰণ ভাষাত সঁচা অভিজ্ঞতা, জীৱনৰ ব্যৱহাৰিক জ্ঞান আৰু নৈতিক মূল্যবোধৰ গভীৰ ৰূপত ই প্ৰকাশ পায়। ইয়াত জনজীৱনৰ পৰিষ্কৃত চিন্তাধাৰা আৰু জীৱনকৰ্মৰ সৰলতা সন্নিৱিষ্ট থাকে। লোকোক্তিৰ মাধ্যমেৰে ভাষাৰ অৰ্থৰ গভীৰতা আৰু সঠিকতা প্ৰকাশ পায়। ভাষাত লোকোক্তিৰ প্ৰয়োগ কৰিলে ইয়াৰ মহত্ব বাঢ়ে আৰু অধিক অৰ্থবহ হয় । বিদ্বান লোকে ব্যাখ্যা কৰি বুজাব নোৱাৰা কথা লোকোক্তিৰ প্ৰয়োগত সাধাৰণ গঞালোকেও বুজিব পোৱাকৈ অভিব্যক্ত কৰিব পাৰি। সেই কাৰণে লোকোক্তিক সুক্তি বা লোকামৃত বুলি কোৱা হয়। ইয়াত নেপালী ভাষাত প্ৰায়েই ব্যৱহাৰ হোৱা কিছুমান লোকোক্তিৰ উল্লেখ কৰা হ'ল। १. हाड़ नभएको जिब्रो रड्कन्छ। যি কথাৰ ভিত্তি নাথাকে সি কেতিয়াবা মিছা হয়। অৰ্থাৎ যি ব্যক্তিৰ কোনো কথাৰ আধাৰ, ভিত্তি বা প্ৰমাণ নাথাকে সি সহজেই অসত্য বা মিছা হ'ব পাৰে । २.दालमा केहि कालो छ। সকলো কথা স্পষ্ট নহ'লে তাত সন্দেহ আছে বুলি ভৱা হয়। ३.धेरै खाए घिउ पनि तितो हुन्छ। যিকোনো কথা অত্যধিক পৰিমাণে কৰিলে তাৰ পৰিণাম সদায় সকাৰাত্মক নহ'বও পাৰে। সেয়ে ইয়াৰ ভাৱ অতি মহত্ব পূৰ্ণ। ४. उल्फा को धन फुपुको श्राद्ध। যেতিয়া আনৰ সম্পত্তি বা দুখক মৰ্য্যদা নিদি নিজৰ কাৰণে মাত্ৰ সেই সম্পত্তিৰ দ্বাৰা কাম কৰা যায়, তেতিয়া ই ধৰুৱা পৰিস্থিতি সৃষ্টি কৰিবও পাৰে। ५. लागे लाग मुहुनि नत्र मेरी बुढी घरै छ। মনে বিচাৰৰ দৰে কৰ্ম কৰিলে কাম মহত্ব পূৰ্ণ হয়।অৰ্থাৎ কোনো কাম কৰিবলৈ হ'লে প্ৰেম আৰু পছন্দৰ সৈতে ধ্যান দিব লাগে। ६. करायो करायो, खाएन खाएन। বহুতো কাম কৰাৰ পিছতো নোহোৱা স্থিতি। অৰ্থাৎ বহু পৰিশ্ৰম কৰাৰ পিছতো পৰিণাম নাহিলে নিৰাশাজনক স্থিতি হয় । ७. नपत्याउने खोलाले बगाउन्छ। যাক বিশ্বাস নকৰাৰ ফলত ভূল হয়। অৰ্থাৎ কেতিয়াবা বিশ্বাস কৰিব নোৱাৰা আৰু অস্বীকাৰ কৰা কৰ্মই মানুহৰ লোকচানৰ কাৰণ হ'ব পাৰে। ८. आत्मा न मरि मरेको। শৰীৰ জীৱন্ত থাকিও আত্মা মৰি যোৱাৰ নিচিনা। অৰ্থাৎ যেতিয়া মানসিক স্থিতি নষ্ট হয় তেতিয়া শৰীৰ জীৱন্ত থাকিলেও জীয়াই থকাৰ অৰ্থ হেৰাই যায়। ९. आकाशको फल आँखा तरी मर। অসম্ভৱ বস্তু প্ৰাপ্তিৰ বাবে ইচ্ছা কৰা । অৰ্থাৎ কোনো বস্তু বা লক্ষ্য প্ৰাপ্তি অসম্ভৱ বুলি জানিও তাৰ পিছত লাগি থাকিলেও ই ব্যৰ্থ হয়। १०. पानी घट्नु र धारा नटुट्नु। জটিল সমস্যাবোৰৰ মাজেদিয়েই আচল পৰিণাম লাভ কৰা। অৰ্থাৎ জটিল সমস্যাৰ মাজতো নিজৰ লক্ষ্য প্ৰাপ্তিৰ মাৰ্গ দৰ্শন অটুট ৰাখিব লাগে। ११. हात्ती आयो भने बाघलाई लुकाउनु। ডাঙৰ সংকটৰ সময়ত সৰু সংকটক পিছলৈ লৈ যোৱা বা পিছত কৰিম বুলি ৰাখি থোৱা । অৰ্থাৎ যেতিয়া ডাঙৰ সংকটে দেখা দিয়ে তেতিয়া সৰু সংকটক নেদেখা ভাও জোৰা বা তাৰ ব্যৱস্থা কৰি দিয়া। १२. जसको मुख त्यत्रो, त्यसको काम त्यत्रो। ডাঙৰ ডাঙৰ কথা কোৱা মানুহৰ কাম ডাঙৰ ডাঙৰ হয় । অৰ্থাৎ যিয়ে ডাঙৰ কথা কয় সিয়ে ডাঙৰ কাম কৰিব পাৰিব লাগে আৰু তাৰ দায়িত্বও ল'ব লাগে। १३. जसले गर्ने, उहिले गर्नुपर्छ। যিকোনো কামে এটা সংকেত বহন কৰে সেয়ে যি জনে কাম কৰে তেওঁ কাম সময়ত কৰিব লাগে।অৰ্থাৎ সময়ৰ কাম সময়ত সোনকালে আৰু উপযুক্ত ৰূপত হ'ব লাগে। १४. जथा शक्ति यथा भक्ति। যেনে শক্তি, তেনে ভক্তি । অৰ্থাৎ মানুহে নিজৰ সামৰ্থ্য অনুসৰি যিকোনো কাম কৰিবলৈ সমৰ্পিত হব লাগে। १५. छोरो पाउनु कैले कैले भोटो सिउनु ऐले। আৱশ্যকমতে আৰু ইচ্ছানুসৰি কাম কৰা। অৰ্থাৎ যি কাম সোনকালে নকৰিলে ও হয় সেই কাম সময় অনুসাৰে কৰা উচিত। १६. जसरी आयो, त्यसरी गयो। সহজেই উপলব্ধ কৰা ধন বা যিকোনো বস্তু সহজ ভাৱেই যায়। १७. छेउको भुत र टाढा को देउता मिल्दैन। ওচৰৰ সমস্যা বা ব্যক্তিক ধ্যান দিব লাগে। অৰ্থাৎ সময়ত দূৰৈত থকা জনতকৈ ওচৰত থকা জনেহে কামত আহে সেয়ে দুৰৈৰ সমস্যা বা ব্যক্তিক বাদ দি ওচৰৰ সমস্যা সমাধানত গুৰুত্ব দিব লাগে। १८. अर्थ न बर्थ गोविन्द गाई। যেতিয়া কোনো কথাৰ সঠিক উদ্দেশ্য বুজি পোৱা নাযায়, তেতিয়া তাৰ অনৰ্থক চিন্তাৰ দ্বাৰা কোনো ফল পোৱা নাযায়। १९. आफ्नै आगोले पोलेको। নিজে নিজৰ ক্ষতি কৰা স্থিতি। অৰ্থাৎ যেতিয়া কোনো ব্যক্তিয়ে নিজৰ ভূলৰ বাবে সমস্যাত পৰে, তেতিয়া তেওঁৰ নিজৰেই ক্ষতি হয় । অৰ্থাৎ নিজৰ সমস্যাৰ কাৰণ নিজে হয় । २०. कागको हाँसो। বেকাৰ বা অৰ্থহীন হাঁহি। অৰ্থাৎ কাউৰীৰ হাঁহিত কোনো অৰ্থ নথকাৰ নিচিনাকৈ অৰ্থহীন হাঁহি ও অনাৱশ্যক হয়। २१. धोबीको कुकुर घरको न घाटको। স্থায়ী বন্দোবস্ত নোহোৱা। অৰ্থাৎ যি ঘৰৰো নহয় ঘাটৰো নহয়। २२. धनको पखेटा हुन्छ। ধন বা সম্পত্তি স্থায়ী বস্তু নহয়। সেয়ে ধন বা সম্পত্তিক পৰিকল্পনা আৰু বিচাৰ বিবেচনা কৰিহে ব্যৱহাৰ কৰিব লাগে। २३. नजाने गाउँको बाटै नसोध्नु। অনাৱশ্যক কথা বা কামত সংলগ্ন নোহোৱা বা ধ্যান নিদিয়া। নিজৰ ক্ষমতাৰ বাহিৰত সময় নষ্ট কৰিলে নিজৰেই হানি বিঘিনি হয় । २४. नमच्चिने पिङको सय झड्का। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো যদি পৰিণাম নাহে তেন্তে পৰিশ্ৰম নকৰাই ভাল।অৰ্থাৎ যি কোনো কৰ্মৰ পৰিণামহে অধিক গুৰুত্ব পূৰ্ণ হয়। २५.नजिकको तीर्थ हेला। ওচৰত থকা বস্তুক অৱহেলা কৰা। অৰ্থাৎ দূৰৰ বস্তুক প্ৰাধান্য নিদি ওচৰৰ বস্তুক প্ৰাধান্য দিব লাগে কাৰণ সময়ত ওচৰৰ বস্তুহে কামত আহে। २६. पशुपतिको दर्शन सिद्राको व्यापार। এটা কাম কৰিবলৈ যাওঁতে অন্য এটা কাম কৰিবলৈ সক্ষম হোৱা। অৰ্থাৎ কোনো শুভ কামে মানুহক দুয়োফালৰ পৰা লাভ দিবলৈ সক্ষম হয়। २७.पाँच औंला बराबर हुदैन। সকলো মানুহ একে ধৰণৰ নহয়। অৰ্থাৎ সকলো মানুহৰ ক্ষমতা আৰু চিন্তাধাৰা বেলেগ বেলেগ হয়। २८. बोल्नेको पिठो बिक्छ नबोल्ने को चामल पनि बिक्दैन। যি ব্যক্তিয়ে কথাৰ লগতে নিজৰ আৱশ্যকতা ব্যক্ত কৰে তেওঁ আনৰ পৰা সহাৰি পায় । অৰ্থাৎ মনে মনে বহি থকা ব্যক্তি জনৰ প্ৰয়োজন যে কিহৰ ওপৰত তাক বেলেগে গম নাপায় কাৰণে তেওঁ আনৰ পৰা সহাৰি নাপায়। २९. बाँदर आफ्नो घर पनि बनाउँदैन अर्काको घर पनि राख्दैन । যিয়ে নিজে সক্ষম নহয় সি বেলেগৰ সফলতা দেখিব নোৱাৰে। অৰ্থাৎ অসফল ব্যক্তিয়ে আনৰ উন্নতি হোৱা দেখিব নিবিচাৰে । ३०. बाघ बुढो र स्याल तन्नेरी मिल्दैन। অনুভৱ আৰু বয়সে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অৰ্থাৎ একে অনুভৱ আৰু ক্ষমতা থকা ব্যক্তিৰ মিলিত চেষ্টাত যিকোনো কামৰ নিৰ্ণয় সঁচা হোৱাৰ লগতে কাম কৰিবলৈ ও সহজ হয়। ३१.भुक्ने कुकुरले टोक्तैन। অকল কথা কোৱা আৰু কাম নকৰা। অৰ্থাৎ কথা কোৱাত কৈ কামৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত। ३२. आफै त महादेव कस्ले देलान् वर । সহায় কৰা কথা একো নোকোৱা বা অসমৰ্থতা দেখুৱা । অৰ্থাৎ যদি নিজে সক্ষম আৰু সামৰ্থ্য হয় তেন্তে আনৰ পৰা সহায় বিচৰা আৱশ্যক নহয়। ३३. इन्द्रका अगाडि स्वर्गका कुरा। জনাৰ আগত নজনাই কথা পতা । অৰ্থাৎ জ্ঞানী ব্যক্তিৰ আগত অজ্ঞানীয়ে কথা ক'লে সেই কথা অৰ্থহীন হয় । ३४. उम्ले पोखिन्छ दगुरे लडिन्छ। অনিয়ন্ত্ৰিত আৰু চঞ্চল হলে নিজৰেই ক্ষতি হয়। অৰ্থাৎ যি ব্যক্তি অনিয়ন্ত্ৰিত আৰু চঞ্চল হয় সি পিছত নিজে কৰা কৰ্মৰ পৰা পশ্যতাপ ভোগ কৰিব লাগে। ३५. उपियाँ पड्क्यो जुम्राको घान। ধূৰ্তই পলাই সাৰে কিন্তু সহজ সৰল ব্যক্তি ফান্দত পৰে । অৰ্থাৎ চতুৰ ব্যক্তিয়ে সহজেই সাৰি যায় কিন্তু সাধাৰণ ব্যক্তিয়ে জটিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । ३६. एक हातमा चुल्ठो एक हातमा टुप्पी। ঘৰৰ সদস্য সমূহৰ মাজত কাজিয়া হোৱা। অৰ্থাৎ যেতিয়া ঘৰৰ সদস্য সমূহৰ মাজত কাজিয়া হয় তেতিয়া তাৰ প্ৰভাৱ ঘৰৰ সকলো ব্যক্তিৰ ওপৰত পৰে । ३७. एक हातले ताली बज्दैन। এক হাতে চাপৰি নাবাজে। অৰ্থাৎ দুই পক্ষৰ সহযোগত হে যিকোনো কাম সমাধা হয়। ३८. एक थुकी सुकी हजार थुकी नदी। সামুহিক প্ৰচেষ্টাত ডাঙৰ কাম সম্পন্ন হোৱা। অৰ্থাৎ সৰ্বসাধাৰণৰ মিলিত চেষ্টাত ডাঙৰ কাম সম্পাদন কৰিব পাৰি। ३९. एक पन्थ दुई काज । এটা কাৰণৰ দ্বাৰা দুটা কাম সফল হোৱা। অৰ্থাৎ কোনো ব্যক্তিয়ে যেতিয়া এটা কাৰণক অৱলম্বন কৰি দুটা কাৰ্য কৰে আৰু সফল হয় তেতিয়াই এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ४०. एक माघले जाडो जाँदैन । সময় গতিশীল , ই বাৰে বাৰে ঘূৰি থাকে। অৰ্থাৎ কোনো ঘটনা বা অৱস্থা দীৰ্ঘস্থায়ী নহয় , সেয়ে মানুহৰ সূখ, দু:খ আৰু ঘটনা সমূহ সময় অনুযায়ী পৰিবৰ্তন হয়। ४१. ओह्रालो लागेको मिर्गलाई बाच्छाले पनि खेद्छ। দূৰ্বলীক সকলোৱে শোষণ কৰে। অৰ্থাৎ যি ব্যক্তি দূৰ্বল হয় তাক বেলেগে সহজেই অপমান কৰি দু:খ দিব পাৰে। ४२. ओठ चाटी तिर्खा मेट्नु। লোভ কৰা স্বভাৱ। অৰ্থাৎ লোভৰ পিয়াহে মানুহক অধিক লুভীয়া স্বভাৱত পৰিণত কৰে। ४३. औलो दिँदा हुँडुलो निल्ने। অতিশয় লোভ কৰা। অৰ্থাৎ অত্যধিক লোভৰ দ্বাৰা মানুহে সন্মান হেৰুৱায় আৰু তাৰ পৰা সুফল পাব নোৱাৰে । ४४. कानो गोरूलाई औंसी न पुर्ने। ভাল বা বেয়া ভেদ কৰিব নোৱাৰা। অৰ্থাৎ ভাল বা বেয়া স্পষ্টকৈ নিৰ্ণয় কৰিব নোৱাৰা ব্যক্তিৰ অৱস্থা। ४५. कोइलाको काममा हात कालो। কাম অনুসাৰে ফল পোৱা। অৰ্থাৎ যি ব্যক্তিয়ে যেনে ধৰণেৰে কাম কৰে সেই ধৰণেৰেই ফল লাভ কৰে। ४६. काग कराउँदै गर्छ पिना सुक्तै गर्छ। কোৱা ব্যক্তিয়ে কৈ থাকে যদিও কাম চলিয়েই থাকে। অৰ্থাৎ বেলেগৰ দ্বাৰা অনাৱশ্যক আলোচনা হৈ থাকিলেও যদি কামৰ অগ্ৰগতি হৈ থাকে তেন্তে এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ४७. काठको हाँडी अर्को पटक चढ्दैन। যোগ্যতা অবিহনে কিবা কাম এবাৰ হ'ব পাৰে কিন্তু বাৰে বাৰে নহয় । অৰ্থাৎ যোগ্যতা নাথাকিলে সকলো সময়তে একে পৰিস্থিতিৰ উদ্ভৱ নহয়। ४८. कि चपरी मुनिको सास कि अमरावतीको बास । হয় ভাল হোৱা নহয় বেয়া হোৱা । অৰ্থাৎ মানুহৰ অনিশ্চিত ভৱিষ্যতত কেতিয়াবা অৱস্থা ভাল বা বেয়া হ'বও পাৰে, সেই অৱস্থাত মানুহে বেয়াৰ পৰা ভাল বা সুখৰ প্ৰয়োজন বোধ নিৰ্ণয় কৰা অৱস্থা। ४९. कहिले गाडी नाउमा कहिले नाउ गाडीमा । সময় আৰু ঘটনা সদায় পৰিবৰ্তনশীল , সেয়ে সকলোৰে ভাগ্যত কৰ্মৰ প্ৰভাৱ পাল পাতি আহে। অৰ্থাৎ মানুহৰ জীৱনত সফলতাই হওঁক বা বিফলতাই হওঁক তেওঁ নিজৰ কৰ্তব্য সময়ত কৰিব লগীয়াত পৰে । ५०. काबुलमा के गधा हुदैनन्। ভাল আৰু বেয়া সকলো স্থানতেই থাকে। অৰ্থাৎ সকলো স্থানতেই ভাল আৰু বেয়া ব্যক্তিৰে ভৰপূৰ থাকে। ५१. काग भन्दा कोइली चड्ख। বেছি চতুৰ। অৰ্থাৎ কোনো কোনো ব্যক্তি বেছি চতুৰ আৰু সতৰ্কবাদী হয়। ५२. काट्ने कुट्ने दाँत स्वाद लिने जिब्रो। এটাই কৰা কামৰ পৰা আনটোহে লাভ পোৱা। অৰ্থাৎ কোনো ব্যক্তিয়ে কৰা কষ্টৰ কামৰ পৰা যদি আনে লাভ অৰ্জন কৰে তেন্তে তেনে ক্ষেত্ৰত এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ५३. खर्च न बर्च बाटैमा मर्छ। সম্পূৰ্ণ তৈয়াৰী নোহোৱাকৈ কাম কৰিলে দূখ হয় । অৰ্থাৎ উপযুক্ত পৰিশ্ৰম অবিহনে সফলতা আৰু সুখৰ প্ৰাপ্তি অসম্ভৱ হয় । ५४. खाई न पाई छालाको टोपी लाई। কোনো লাভ নোহোৱা পৰিস্থিতিত পৰা । অৰ্থাৎ যেতিয়া কোনো ব্যক্তিয়ে কোনো কামত লাভ নাপায় তেন্তে তেনে কামত সময় নষ্ট কৰা উচিত নহয়। ५५. गधा मलेर गाई हुँदैन । স্বভাৱ বা চৰিত্ৰ পৰিবৰ্তন কৰিব নোৱাৰি। অৰ্থাৎ ব্যক্তিৰ স্বভাৱ বা চৰিত্ৰ পৰিবৰ্তন কৰিব নোৱাৰি,যেনেকৈ গৰুৰ লগত গাধক ৰিজাব নোৱাৰি। ५६. गडुवा नपाई चिन्डो फोर्दो। ‌‌কোনো বস্তু পোৱাৰ নিশ্চিত নোহোৱাকৈ লগত থকা বস্তু হেৰুওৱা। অৰ্থাৎ অজ্ঞাত বস্তু প্ৰাপ্তিৰ কাৰণে নিজৰ লগত থকা বস্তু হেৰুৱালে পৰিণাম বেয়া হ'বও পাৰে। ५७. घर साँढे वन बिरालो। যি ঘৰত সাহসী কিন্তু বাহিৰত ভয়ভীত । অৰ্থাৎ যি ব্যক্তি ঘৰৰ পৰিয়াল বৰ্গৰ মাজত নিজৰ অৱগুণ লুকাই ৰাখি সাহসী হয় কিন্তু বাহিৰত আনৰ লগত ভয়ভীত হয় তেনে ক্ষেত্ৰত এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ५८. घाँटी हेरी हाड़ निल्नु। নিজৰ লগত খাপ খোৱাকৈ কাম কৰা। অৰ্থাৎ নিজৰ যোগ্যতা অনুসৰি কাম কৰাই উত্তম কাম। ५९. चिप्लो मुख धमिलो पेट। মনত কপট ভাৱ ৰখা। অৰ্থাৎ যি ব্যক্তিৰ মিঠা মাত আৰু ব্যৱহাৰ ভাল হয় কিন্তু মনত দুষ্ট ভাৱনা থাকে তেনে ব্যক্তিয়ে কাম অন্তৰ শুদ্ধ ভাৱে নকৰে, দেখাবৰ কাৰণেহে কৰে। ६०. छोरी कुटेर बुहारी तर्साउनु। এটাৰ মাধ্যমত আনটোক সাৱধান কৰোৱা। অৰ্থাৎ কোনো ব্যক্তিৰ বেয়া ব্যৱহাৰৰ দ্বাৰা পৰিয়ালত সমস্যা বা দ্বন্দ হ'লে তাৰ পৰিণামৰ দ্বাৰা বেলেগ মানুহ সাৱধান হয়। ६१. जुन गुरूको सिङ छैन त्यसको नाउँ तिखे। স্বভাৱৰ ওলোটা পৰিচয় হোৱা। অৰ্থাৎ যি ব্যক্তিৰ শক্তি বা সামৰ্থ্য নাথাকে তেওঁলোকে নিজক বলৱান আৰু প্ৰভাৱ শালী দেখুৱাবলৈ মিছা অভিনয় কৰে। ६२. जुन जोगी आए पनि कानै चिरेका। যি জনেই নাহক কিয় সকলো একেধৰণৰ হোৱা। অৰ্থাৎ ভিন্ন ব্যক্তিৰ ৰূপ আৰু স্থিতি যি হ'লেও কিবা নহয় কিবা এটা ক্ষেত্ৰত অভাৱ দেখা যায়। ६३. जसले मह काट्छ उसले हात चाट्छ। যিয়ে কাম কৰে সিয়ে ফল ভোগ কৰে। অৰ্থাৎ যি ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে সেই ব্যক্তিয়ে মাত্ৰ কামৰ অনুভৱৰ লগতে ফল লাভ কৰে। ६४. जँघार तर्नु तिघ्रा कमाउनु। ভয় ভয় কৈ কাম কৰা। অৰ্থাৎ ভয় ভয়কৈ কাম কৰিলে কোনো কামত সফলতা প্ৰাপ্ত নহয় । ६५. झिंगाको सरापले डिंगा मर्दैन। দুৰ্বল ব্যক্তিৰ দ্বাৰা শক্তিশালী ব্যক্তিৰ ক্ষতি কৰিব নোৱাৰা। অৰ্থাৎ দুৰ্বলীৰ কোনো শক্তিয়ে শক্তি শালীক পৰাস্ত কৰিব নোৱাৰে। ६६. ताक परे तिवारी नत्र गोतामे। সূবিধা বুজি কাম কৰা মানুহ। অৰ্থাৎ যি ব্যক্তিয়ে সূবিধা বুজি কাম কৰে আৰু পৰিস্থিতি অনুযায়ী নিজৰ নিৰ্ণয় সলনি কৰে সেই ক্ষেত্ৰত এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ६७. थाकेको मान्छेले घर सम्झन्छ। বিশ্ৰাম ল'ব বিচৰা। অৰ্থাৎ মানুহ ভাগৰুৱা হ'লে বিশ্ৰাম লবলৈ ঘৰত যাব বিচাৰে কাৰণ বিশ্ৰাম কৰাৰ পিছতহে মানুহৰ শৰীৰত শক্তিৰ পুনৰ সঞ্চাৰ হয়। ६८. दुध दिने गाईको लात्ती सहनु पर्छ। যিয়ে নিজক সহায় কৰে তাৰ বেয়া গুণ সহ্য কৰা। অৰ্থাৎ যি ব্যক্তিৰ দ্বাৰা নিজে লাভান্বিত হোৱা যায় সেই ব্যক্তিৰ বেয়া গুণ থাকিলেও নেদেখা ভাও ধৰিব লাগে কাৰণ তাত নিজৰ স্বাৰ্থ সিদ্ধি থাকে। ६९. देख्नेका आँखा फुटे सुन्नेका सही। দেখা ব্যক্তিতকৈ শুনা ব্যক্তি বেছি জনা হোৱা। অৰ্থাৎ যিয়ে দেখা পায় তাৰ দৃষ্টিকোণ ভূল হ'ব পাৰে কিন্তু যিয়ে শুনা পায় ‌সি সঁচা কথা জানিব পাৰে। ७०. भालुको मन खनिउँमाथि । নিজৰ স্বাৰ্থক প্ৰাধান্য দি একেৰাহে কাম কৰা। অৰ্থাৎ ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে এক পক্ষীয় মতামত ৰাখিব পাৰে। ७१. भाड्राको टोपी लाई गुहेलाको फूल। খাপ নোখোৱা কথা বা কাম । অৰ্থাৎ যি কোনো কাম কৰিবলৈ যাওঁতে তাৰ উপযুক্ততা আৰু গ্ৰহণযোগ্যতা চাব লাগে । ७२. भाग्य छ भन्दैमा डोकामा दुध दुहेर हुँदैन । কাম নকৰিলে একো ফল নধৰে। অৰ্থাৎ কেৱল ভাগ্যৰ ওপৰত ভৰসা কৰিলে মানুহে একো লাভ কৰিব নোৱাৰে কাৰণ ভাল ফল পাবলৈ হ'লে আৱশ্যক হয় পৰিশ্ৰম আৰু নেৰানেপেৰা চেষ্টাৰ । ७३. भैँसीलाई सिडको के भारी। সৰু সুৰা কষ্টক গুৰুত্ব নিদিয়া। অৰ্থাৎ সৰু সুৰা কষ্টক প্ৰাধান্য দি তাক অসহনীয় ৰূপত গ্ৰহণ কৰিব নালাগে। ७४. मामाको घोडो मेरो हि हि । আনৰ সম্পত্তি উপভোগ কৰা। অৰ্থাৎ আনৰ সম্পত্তি বা ধন আৰু সফলতা নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি তাৰ পৰা উপভোগ লাভ কৰিবলৈ চেষ্টা কৰা। ७५. मुखमा राम राम बगलीमा छुरा। ভিতৰি ভিতৰি ষড়যন্ত্ৰ কৰা। অৰ্থাৎ যাক বিশ্বাস কৰিব নোৱাৰি সি মুখেৰে ভাল ভাল কথা ক'লেও পিছত ষড়যন্ত্ৰ কৰিব পাৰে। ७६. म कुटे जस्तो गर्छु तँ रोए जस्तो गरेस । সকলো বুজা বুজি কৰি আনৰ আগত সঠিক ভাও জোৰা। অৰ্থাৎ কোনো ব্যক্তিয়ে যেতিয়া আনৰ লগত যি ব্যৱহাৰ কৰে তেতিয়া সেই ব্যক্তিয়ে যদি তাক গ্ৰহণ নকৰে তেন্তে তাক মিছা বা সকলো প্ৰতিক্ৰিয়া বনাই লোৱা বুলি ভাৱে। ७७. मन नपर्ने मान्छेको लुगा गनाउँछ। মনে পছন্দ নকৰিলে সকলো বেয়া হয় । অৰ্থাৎ যেতিয়া মানুহে কোনো ব্যক্তিক বেয়া পায় তেতিয়া তাৰ সকলো খিনিয়েই বেয়া দৃষ্টিভংগীৰে চায় । ७८. मेरा गोरूको बाह्रै टक्का । নিজৰ কথাক প্ৰাধান্য দিয়া। অৰ্থাৎ যি ব্যক্তিয়ে নিজৰ কথা বিভিন্ন ফালৰ পৰা সঠিক বুলি ভাৱে আৰু আনৰ লগত সহমত নহয় তেনে ক্ষেত্ৰত এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ७९. लङ्कामा सुन छ कान मेरा बुच्चै। দূৰৰ বস্তু পাবলৈ দূৰ্লভ। অৰ্থাৎ দূৰৰ বস্তুৰ চিন্তা, প্ৰয়োজন, মূল্য আৰু উপযোগিতাৰ অনুভৱ কৰিলেও তাক পাব নোৱাৰি। ८०. लहरो तान्दा पहरो गर्जन्छ। সৰু কথা বা কামৰ দ্বাৰা ডাঙৰ প্ৰভাৱ পৰা স্থিতি।অৰ্থাৎ কেতিয়াবা সৰু কথাৰ দ্বাৰা ডাঙৰ সমস্যা বা ঘটনাৰ উদ্ভৱ হয়। ८१. खाने मुखलाई जुँघाले छैक्तैन। নিজৰ আৱশ্যকতা নহ'লে বস্তুবোৰ নষ্ট কৰিব নোৱাৰি। অৰ্থাৎ যাৰ কাৰণে বস্তু বনোৱা হয় তাত তেওঁৰ অধিকাৰ থাকে সেয়ে যিমান পাৰি সোনকালে তাৰ পৰা উদ্ধাৰ পাবৰ বাবে চিন্তা কৰিব লাগে। ८२. अडको पडको तेलको धूप। নিজে বুজিব নোৱাৰা কাম কৰোঁতে কঠিন সমস্যাৰ সন্মুখীন হোৱা। অৰ্থাৎ কিবা কাম কৰিবলৈ যাওঁতে কঠিন সমস্যাই দেখা দিয়ে যদিও সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় থাকে। ८३. धान खाने मुसो चोट पाउने भ्यागुतो। আনৰ কামত হস্তক্ষেপ কৰি লোকচান হোৱা।অৰ্থাৎ অনাৱশ্যক ভাৱে আনৰ কামত হস্তক্ষেপ কৰিলে তাৰ পৰিণাম স্বৰূপে নিজৰেই লোকচান হয় । ८४. धनको मुख रातो। ধন বা সম্পত্তি পালে মানুহে আনন্দ বা গৰ্বিত হয়। অৰ্থাৎ ধন পোৱাৰ আকৰ্ষণ বা সম্পত্তিৰ লোভে মানুহক লুভীয়া কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৰিব পাৰে। ८५. ईमान भनेको लाख हो धन भनेको खाग हो । মানুহৰ জীৱনত সন্মান আৰু সত্যতাৰ মূল্য বহু বেছি কিন্তু ধনৰ মূল্য অস্থায়ী বা ক্ষণস্থায়ী । অৰ্থাৎ সত্যতা আৰু সন্মান সহকাৰে মানুহে কাম কৰিলে জীৱনত স্থিৰতা বিৰাজ কৰে , কিন্তু ক্ষন্তেকীয়া ধনক প্ৰাধান্য দি কাম কৰিলে সেয়া নহ'বও পাৰে। ८६. अँध्यारोको काम खोलाको गीत,रातीको काम खोलाको गीत। যিকোনো অনৈতিক কৰ্মই এদিন বাহিৰত প্ৰকাশ পায় আৰু তাৰ পৰিণাম বিপৰীত হয় । অৰ্থাৎ কোনো কামৰ সফলতা বা অসফলতা প্ৰকট হ'লে তাৰ পৰিণামো প্ৰকট হয় সেয়ে ই মানুহৰ ভাল প্ৰয়াসৰ দ্বাৰা ফল পোৱা কথাৰ ইঙ্গিত দিয়ে। ८७. आइलागे जाइलाग्नु। সময়ৰ আৱশ্যকতা অনুসৰি কৰ্ম কৰা । অৰ্থাৎ যেতিয়া কোনো ব্যক্তিয়ে কৰ্ম কৰিবলৈ যদি পূৰ্ণাঙ্গ ৰূপত সময় পায় তেতিয়া হ'লে তেওঁ সময়ৰ উপযুক্ত প্ৰয়োগ কৰিব লাগে। ८८. पानी परे मात्रै गुफा खुल्छ। পৰিস্থিতিৰ অনুকূল অৱস্থাত মাত্ৰ বস্তুৱে প্ৰকাশ পায় । অৰ্থাৎ পৰিস্থিতিৰ অনুকূল পৰিবেশত সকলো সম্ভৱ হয় কাৰণ যিকোনো কৰ্মৰ পৰিণামৰ বাবে অনুকূল পৰিস্থিতিৰ আৱশ্যক হয়। ८९. दुधको दुध पानीको पानी । সত্য আৰু অসত্যৰ ভেদাভেদ কৰা। অৰ্থাৎ সত্যৰ স্পষ্টতা আৰু মানদণ্ড শুদ্ধ ৰূপত প্ৰতিফলিত কৰা। ९०. सुनारे को सय चोट लुहारे को एकेचोट। কম সময়ত ডাঙৰ কাম সম্পাদন কৰা। অৰ্থাৎ বহুত প্ৰয়াস কৰাৰ পিছতো যদি পৰিণাম নাহে তেন্তে এটা সঠিক কামৰ দ্বাৰা যদি পৰিণাম আহে তেনে ক্ষেত্ৰত এই লোকোক্তি ব্যৱহাৰ কৰা হয়। ९१. होने हार दैव नटार। ভাগ্যত লিখা কথা খণ্ডন নহয় সেয়ে ভাগ্য আৰু প্ৰয়াসৰ দ্বাৰাহে সফলতা প্ৰাপ্ত কৰিব পাৰি। অৰ্থাৎ মানুহে সকলো কথাৰ কাৰণে ভগৱানে লিখা বিধি বা ভাগ্যৰ ওপৰত ভৰসা কৰে। ९२. म ताक्छु मुढ़ो बन्चरो ताक्छ घुडो। ব্যক্তি বিশেষৰ লক্ষ্য আৰু দৃষ্টিকোণ বেলেগ বেলেগ হয়। অৰ্থাৎ ব্যক্তি বিশেষৰ লক্ষ্য আৰু দৃষ্টিকোণ বেলেগ হয় যদিও মানুহে ভাল কাম কৰাৰ প্ৰয়াস কৰিব লাগে। ९३. अल्छे तिग्रो स्वादे जिब्रो। আলস্য আৰু ইচ্ছাশক্তিক মিলন কৰোৱা অসম্ভৱ। অৰ্থাৎ এলেহুৱা মানুহৰ কাম কৰাৰ ধাউতি কম হয় যদিও ইচ্ছা শক্তিৰ দ্বাৰা নোহোৱা কাম হোৱাৰ প্ৰয়াস কৰা দেখা যায়। ९४. जस्तो काम उस्तै माम। কাৰণ আৰু তাৰ পৰিণামৰ সম্বন্ধ। অৰ্থাৎ মানুহে যেনে ধৰণেৰে কৰ্ম কৰে তেনে ধৰণেৰে ফল ভোগ কৰে। ९५. जस्तालाई तस्तै ढिडालाई निस्तै। যেনেকুৱা দেখা যায়, তেনেকুৱা হয় । অৰ্থাৎ মানুহৰ ব্যক্তিত্বৰ স্বভাৱ যেনেকুৱা হয় তেনেকুৱাই তাৰ প্ৰতিক্ৰিয়া হয়। ९६. धेरै जोगी मठ उजाड। বেছি মানুহৰ দ্বাৰা কাম কৰিলে তাৰ পৰিণাম বিপৰীতমুখী হ'ব পাৰে। অৰ্থাৎ বেছি চিন্তা ভাৱনা আৰু তাৰ প্ৰয়াসৰ দ্বাৰা লক্ষ্য প্ৰাপ্তিৰ স্থিতি সম্ভৱ নহ'বও পাৰে। ९७. नाँच्न जान्दैन आँगन टेढो। নাচিব নাজানে চোতাল বেকা । অৰ্থাৎ যিয়ে নিজৰ সমস্যা সমূ্হৰ গম নাপায় সিয়ে আহি পৰা সমস্যা সমূ্হৰ বুজ ল'বলৈ টান পায় । ९८. आफु भलो त जगत् भलो। নিজে ভাল হ'লে পৃথিৱী খনেই ভাল। অৰ্থাৎ যেতিয়া মানুহে নিজৰ চিন্তাধাৰা আৰু কৰ্ম সকাৰাত্মক ভাৱত কৰে তাৰ প্ৰভাৱ বেলেগ মানুহৰ ওপৰত ও পৰে। ९९. आँटी छोरालाई बाघले खाँदैन। সাহসী আৰু বলবান ব্যক্তিক কোনো সমস্যা বা বিপদে গ্ৰাস কৰিব নোৱাৰে। অৰ্থাৎ যি ব্যক্তি সাহসী হয় তেওঁক কোনো সমস্যাই ৰুধিব নোৱাৰে। १०० . सानो चित्तले बोसो पाक्तैन। উদাৰ মন নহ'লে কাম নহয় । অৰ্থাৎ সৰু মন আৰু সংকুচিত চিন্তা ধাৰাৰ মাজেদি ডাঙৰ কাম সম্পন্ন নহয়। १०१. हात्ती छिन्यो पुच्छर अड्क्यो। কোনো কাম বেছি ভাগ কৰাৰ পিছত অলপ কামৰ বাবে ৰৈ যোৱা অৱস্থা। অৰ্থাৎ যেতিয়া মানুহে ডাঙৰ কাম কৰে তেতিয়া যদি সৰু সুৰা কামৰ বাবে ৰব লগা হয় তেন্তে ই আচৰিত কথা হ'ব পাৰে। १०२. हुने बिरुवाको चिल्लो पात। যি কথা বা কামৰ ভাল লক্ষণ দেখা পোৱা। অৰ্থাৎ যোগ্য ব্যক্তিৰ গাত ভাল গুণ, ক্ষমতা আৰু সফলতাৰ লক্ষণ দেখা পোৱা যায়। १०३. अगुल्टो पनि नठोसी बल्दैन। যিকোনো কাম আৰম্ভ আৰু প্ৰয়াস নকৰিলে আগনাবাঢ়ে । অৰ্থাৎ যি কোনো কামৰ অগ্ৰগতিৰ বাবে প্ৰৱল সঁচা ইচ্ছাৰ আৰম্ভণিৰ আৱশ্যক। १०४. बाँदरका हातमा नरिवल। অযোগ্য ব্যক্তিৰ হাতত মহত্ব পূৰ্ণ কাম অৰ্পণ কৰা । অৰ্থাৎ অযোগ্য ব্যক্তিৰ হাতত মহত্ব পূৰ্ণ কাম অৰ্পণ কৰিলে তাৰ ব্যৱহাৰ ভূল প্ৰক্ৰিয়াৰে হ'ব পাৰে। १०५. अगुल्टाले हानेको कुकुर बिजुली चम्किँदा तर्सन्छ। এবাৰ ঠেকা পোৱা ব্যক্তিয়ে নতুন কিবা হানি বিঘিনি দেখিলেই ভয় কৰে। অৰ্থাৎ প্ৰথমতেই ঠেকা পোৱা ব্যক্তিয়ে ভৱিষ্যতে কিবা হানি বিঘিনি দেখিলে অত্যধিক বেছি সাৱধান আৰু ভয়ভীত হয়। १०६.अघिको तितो पछिको मिठो। প্ৰথমতে তিতা বা দুখ ,পিছত মিঠা বা সুখ। অৰ্থাৎ মানুহে দু:খ আৰু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতহে সুখৰ মূল্যৰ মহত্ব বুজি পায়। १०७. आए आप गए झटारो। পালে আম নেপালে ফমুৰ্টি । অৰ্থাৎ মানুহৰ জীৱনত পৰিবৰ্তন হৈ থাকে আৰু সেই পৰিবৰ্তনে কিছুসময় খেলিমেলি কৰিলেও স্হায়ী নহয়, সেয়ে পৰিস্থিতি অনুযায়ী অহা পৰিবৰ্তন সহজভাৱে মানুহে গ্ৰহণ কৰিব পাৰিব লাগে। १०८. हिं नभए पनि हिं बाधेको टालो । প্ৰয়াস কৰাৰ পিছতো সফলতা নাহিলে অসফল অৱস্থাত কামটো এৰিব নালাগে। অৰ্থাৎ যি ব্যক্তি জয়ী হব নোৱাৰে সি তাৰ প্ৰয়াস বন্ধ কৰিব নালাগে কাৰণ কঠিন সংঘৰ্ষ আৰু পৰিশ্ৰমৰ পাছতহে সফলতা প্ৰাপ্তি হয় । १०९. खोलो धाउँदै न तिर्खा धाउँछ। জুৰি নাযায়, পিয়াহয়ে জুৰিক বিচাৰি যায়। অৰ্থাৎ নিজৰ আশা আকাংক্ষা আৰু আৱশ্যক অনুসৰি সকলো সমস্যাৰ সমাধান কৰিব পৰা যায়। ११०.ढुंगो खोजदा देउता मिलो । শিল বিচাৰোঁতে দেৱতা পোৱা। অৰ্থাৎ জীৱনত মানুহে কোনো লক্ষ্য বা উদ্দেশ্য সফল কৰিবলৈ যাওঁতে নভবাকৈ নতুন মাৰ্গ দৰ্শনৰ উদয় হয় যিয়ে নতুন সম্ভাৱনা সমূহৰ দুৱাৰ মুকলি কৰি দিয়ে। १११. अग्रसोची सदा सुखी। প্ৰথমতে চিন্তা চৰ্চা কৰি কাম কৰিলে সুখ প্ৰাপ্তি হয় । অৰ্থাৎ ভৱিষ্যতৰ পৰিকল্পনা কৰোতে প্ৰথমতেই চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগে তেতিয়াহে ভৱিষ্যতে ভাল পৰিণাম পোৱা যায়। গ্ৰন্থ পঞ্জী: ১. ছেত্ৰী, জ্ঞান বাহাদুৰ, নেপালী সাহিত্য এভূমুকি, অনুৰাগ প্ৰকাশন,গুৱাহাটী,২০১১ ২. নেপাল , ঘনশ্যাম, পৰাজুলী, পুস্কৰ, মাধ্যমিক নেপালী ব্যাকৰণ ৰ ৰচনা, পশ্চিম বঙ্গাল, শিলগঢী, ২৩ জানুৱাৰী ২০০৭ ৩. বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত বাৰ্তালাপ।

Share this post
Comments