• theoxygentimes@gmail.com

Blog


অভ্যাস গঠনৰ বাবে কিমান দিন ?

ড০ নিৰ্মলা দেবী

গুৱাহাটী

সমগ্র ভাৰতবৰ্ষত কৰ'না মহামাৰীৰ আৰম্ভণিত প্ৰতিৰোধৰ প্রথম উপায় হিচাপে ২১ দিনৰ সৰ্বাত্মক লকডাউন বা আন কথাত গৃহ বন্দিত্ব ঘোষণা কৰা হৈছিল। সেই সময়তে বিভিন্ন সামাজিক মাধ্যমত প্রকাশিত একাধিক লেখাত ‘অভ্যাস গঠনৰ বাবে ২১ দিন’বুলি উল্লেখ কৰা আমাৰ দৃষ্টিগোচৰ হৈছিল। এতিয়া প্ৰশ্নটো হ’ল অভ্যাস গঠনৰ বাবে সঁচাকৈয়ে বাৰু ২১ দিনৰ প্রয়োজননে ? নতুন অভ্যাস গঠনৰ সংকল্প ল’বলৈ আগ্ৰহী প্রতিজন লোকৰ বাবে এই বিষয়ৰ স্পষ্টতাৰ প্রয়োজন।

ইংৰাজীত কোৱা হয়, ‘You are what you eat’ | এই কথন শৰীৰ নামৰ তেজ-মঙহৰ যন্তুবিধৰ বাবে ৷ একেদৰে মানুহ এজনৰ সামগ্ৰিক ব্যক্তিত্ব নিহিত হৈ থাকে তেওঁ বাৰম্বাৰ পুনাৰাবৃত্তি কৰি থকা কামৰ মাজত অৰ্থাৎ, ‘You are what you do repeatedly’ । অধিক স্পষ্টকৈ ক’বলৈ গ’লে এজন ব্যক্তি তেওঁৰ নিজৰ সমগ্ৰ অভ্যাসৰ সমষ্টি।ভাল অভ্যাসৰ সমষ্টিয়ে এজন ভাল মানুহ গঢ়ে। বিপৰীতে,বদ অভ্যাসৰ গঠনেৰে মানুহে নিজৰ পৰিচয় বেয়া মানুহলৈ পৰ্যবসিত কৰে। সেইবাবেই সময় থাকৌতেই ভাল অভ্যাসৰ গঠন আৰু কৰ্ষণ প্রত্যেক মানৱ-জীৱনৰ এক লক্ষ্য হোৱা উচিত।

নতুনকৈ গঠন কৰিব খোজা একোটা নিদিষ্ট অভ্যাসৰ পৰিধি, প্ৰকৃতি, জটিলতা আৰু একে সময়তে অভ্যাস গঠন কৰিব খোজা মানুহজনৰ মনোবল, ইচ্ছাশক্তি, অনুপ্ৰেৰণা, শাৰীৰিক আৰু মানসিক স্বাস্থ্য, পাৰিপাৰ্শ্বিক পৰিৱেশ আদি বহু কাৰকৰ ওপৰত নিৰ্ভৰ ‘কৰে অভ্যাসবিধ গঠন হ’বলৈ প্রয়োজন হোৱা সময়ৰ পৰিমাণ । এই সকলো দিশ আৰু কাৰকৰ অনুকূল উপস্থিতি থকা সত্বেও যদি প্রশ্ন কৰা হয় যে নতুন অভ্যাস এটা গঠনৰ বাবে কিমান সময়ৰ প্ৰয়োজন হয় ইয়াৰ সহজ উত্তৰ হ'ব, শেহতীয়া গৱেষণা, অংশগ্ৰহণকাৰী আৰু তথ্যৰ ভিত্তিত, গড় হিচাপত ৬৬ দিনৰ প্রয়োজন হয়।

 ইউনিভাৰ্ছিটি কলেজ অব্ লণ্ডনত সম্পন্ন কৰা এক অভ্যাস বিষয়ক গৱেষণাত ৯৬ গৰাকী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰিছিল। সুদীৰ্ঘ ৮৪ দিনজোৰা এই গৱেষণাত অংশগ্ৰহণকাৰীসকলক কোৱা হৈছিল যে তেওঁলোকে নিজে নতুন অভ্যাসলৈ ৰূপান্তৰিত কৰিব খোজা এটিকৰ্ম নিজেই বাছি ল’ব আৰু প্ৰতিদিনেই ৱেবছাইটত লগ ইন কৰি নিজৰ অভিজ্ঞতা উল্লেখ কৰিব। প্রতিদিনে তেওঁলোকে স্পষ্টকৈ লিখিব যে সেইদিনা কামটো কৰিলেনে নাই আৰু কামবিধ কৰোঁতে তেওঁ সেইদিনালৈ কিমান মাত্ৰাত স্বয়ংক্ৰিয় হৈ পৰিছে। কাৰণ,একো নভবাকৈ আপোনা-আপুনি হৈ যোৱা বা স্বয়ংক্ৰিয় হৈ পৰাটো হ'লকাৰ্য এটা অভ্যাসলৈ পৰিৱৰ্তিত হোৱাৰ লক্ষণ।

অংশগ্ৰহণকাৰীসকলে ৰাতিপুৱা উঠি পানী এগিলাচ খোৱা, দুপৰীয়াৰ আহাৰৰ স’তে ফলমূল খোৱা, প্রতিদিনে ১৫ মিনিট সময় খোজকঢ়া, দৌৰা আদি বিভিন্নধৰণৰ একো একোটা কাম নিজৰ পছন্দমতে নিৰ্বাচন কৰি লৈছিল। সমগ্ৰ গৱেষণাৰ অন্তত লাভ কৰা সবিশেষ তথ্যৰ ভিত্তিত উপসংহাৰ হিচাপে পোৱা গ’ল যে তুলনামূলকভাৱে উজু কামৰ বাবে প্রয়োজন হয় কুৰি দিনৰ আৰু জটিল কামৰ বাবে ৮৪ দিনতকৈও অধিক। অৰ্থাৎ পুৱা পানী এগিলাচ খোৱাৰ দৰে উজু অভ্যাসৰ বাবে ২০ দিন আৰু সদায় পুৱা পঞ্চাছটাকৈ ছিট-আপ কৰাৰদৰে কঠিন অভ্যাসৰ বাবে ৮৪ দিনতকৈও অধিক সময়ৰ প্রয়োজন হয়। সম্পূৰ্ণ গৱেষণাকৰ্মটো ৮৪ দিনৰ পৰিকল্পনাৰে সম্পন্ন কৰা হৈছিল আৰু ইয়াৰ পৰা পোৱা গ্ৰাফৰ বিশ্লেষণ কৰি পোৱা গ’ল যে পঞ্চাছটাকৈ ছিট-আপক অভ্যাসলৈ ৰূপান্তৰিত কৰিবলৈ সময় লাগে প্ৰায় ২৫৪ দিন। একে সময়তে দেখা গ’ল মধ্যমীয়া কাঠিন্যৰ কাম যেনে ৩০ মিনিট খোজকঢ়াৰ দৰে কাম অভ্যাসলৈ পৰিৱৰ্তিত কৰিবলৈ প্রয়োজন হয় ৬৬ দিনৰ। লগতে, এই কথাও স্পষ্ট কৰা হৈছে যে মাজৰ এদিন বা দুদিনৰ একেবাৰে চমু বিৰতিয়ে এই প্রক্ৰিয়াত কোনো বিজুতি নঘটায় ৷ অৱশ্যে, এনে গৱেষণাত এটা গুৰুত্বপূৰ্ণ দিশত সদায়েই চিন্তনৰ অৱকাশ থাকি যায় যে যিহেতু অভ্যাস মানেই একো নভবাকৈ আপোনা-আপুনি হৈ যোৱা এক স্বয়ংক্ৰিয় কাম, তেনেক্ষেত্ৰত অংশগ্ৰহণকাৰীসকলে প্ৰতিদিনৰ ৰুটিন ৱেবছাইটত আপলোড কৰোঁতে সকলো কৰ্ম- কথা কিমান স্পষ্টভাৱে মনত ৰাখিছে।

‘স্বয়ংক্ৰিয়তা’ৰ এই বিষয়টোকে গুৰুত্ব প্ৰদান কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ টেক্সাছএ এণ্ড এম বিশ্ববিদ্যালয়ৰ অভ্যাস বিষয়ক গৱেষিকা ৱেণ্ডী উড়ে সম্ভৰজন স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক লৈ আন এক গৱেষণাকৰ্ম সম্পন্ন কৰিছিল। য’ত তেওঁ প্ৰত্যেককে একোটাকৈ এলাৰ্ম ঘড়ী ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। গৱেষিকা উড় বৰ্তমানে ছাউডাৰ্ন কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ প্রফেছৰ ৷ ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থ ‘ভাল অভ্যাস-বেয়া অভ্যাস’ , ‘Good Habits- Bad Habits’ য়ে  ভূয়সী প্ৰশংসা আৰু জনপ্ৰিয়তা লাভ কৰিছিল। ৱেণ্ডী উডৰ মতে অভ্যাস গঠন কেতিয়াবা অসচেতনভাৱে, নিজৰ অজ্ঞাতেও আৰম্ভ হ’ব পাৰে। অৰ্থাৎ কিছুমান নতুন অভ্যাসৰ গঠন পক্ৰিয়াত নিজৰ ন্যূনতম সচেতনতাও নাথাকিব পাৰে। তথাপি যেনেকৈয়ে সৃষ্টি নহওক, সকলো অভ্যাসেইদৃঢ় আৰু শক্তিশালী হয়। অভ্যাস গঠন সম্পৰ্কে এনে নতুন দিশ সামৰি সমাপন কৰা উডৰ গৱেষণাই এই বিষয়ে বহুতো উপকাৰী গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছিল। উদাহৰণস্বৰূপে, আমি জানো যেপ্ৰতিটো অভ্যাসে এটা ‘অভ্যাস-সুঁতি’মানি চলে, য’ত থাকে তিনিটা পৰ্যায় -- সংকেত (cue), ৰুটিন (routine) আৰু পুৰস্কাৰ (reward) ৷ কিন্তু ৱেণ্ডী উড়ে গুৰুত্বপূৰ্ণভাৱে প্রকাশ কৰিছিল যে ‘মানুহৰ লক্ষ্যৰ লগত সংকেত প্ৰেৰণৰ কোনো সম্বন্ধ নাই। অৰ্থাৎ ইতিমধ্যেই গঠিত এক অভ্যাসৰ সংকেত প্ৰেৰণ কাৰ্যটো মানুহৰ ঈপ্সিতলক্ষ্যৰ প্ৰতি সম্পূৰ্ণ অন্ধ দেখা গৈছিল যে যিসকল অংশগ্ৰহণকাৰী সদস্যৰ বাতৰিকাকত পঢ়া,স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা আদি পুৰণা অভ্যাস ইতিমধ্যে গঢ়ি উঠিছিল, তেওঁলোকে সময়ৰ নাটনি বা প্রচণ্ড মানসিক চাপৰ সময়বোৰতো একে অভ্যাসেই পালন কৰিছিল আৰু যিসকল ইয়াৰ বিপৰীত অভ্যাসৰ দাস তেওঁলোকেও নিজৰ বেয়া অভ্যাসত অধিক ফলপ্ৰসূভাৱেহে নিমজ্জিত হৈছিল এয়া ' আজিৰ পৰা প্ৰায় সাত বছৰ আগৰ গৱেষণালব্ধ তথ্য অৰ্থাৎ ২০১৩ চনৰ শেহতীয়াভাৱে ২০২০ চনত সম্পন্ন হোৱা গৱেষণায়ো এইকথাকে পুনৰবাৰ প্ৰতিষ্ঠাপিত কৰিছে COVID-19 মহামাৰীৰ আৰম্ভণি সময়কালত আমেৰিকাৰ চেপেল হিলস্থিত উত্তৰ কেৰ'লিনা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে বেমাৰৰ সংক্ৰমণ আৰু প্ৰাদুৰ্ভাৱ প্ৰতি লক্ষ্য ৰাখি সেইসময়ত কিছুমান অস্বাস্থ্যকৰ অভ্যাস যেনে ধূম্ৰপান আদি পৰিত্যাগ কৰিবলৈ একান্তই ইচ্ছুক মানুহৰ ওপৰত অধ্যয়ন কৰিছিল প্ৰায় দুমাহজোৰা অধ্যয়নৰ অন্তত পোৱা তথ্যটো বৰ সুখৰ নহয় অৰ্থাৎ ধূম্পানৰ পৰিসৰ হ্ৰাস কৰাৰ চেষ্টাত তেওঁলোকে আৰু অধিকহে ধুম্ৰপান কৰিবলৈ আৰম্ভ কৰিছিল কাৰণ হিচাপে উল্লেখ কৰা হৈছে যে অত্যধিক মানসিক চাপে ইতিমধ্যেই গঠিত অভ্যাসৰ প্রতি মানুহৰ প্রৱণতা বৃদ্ধি কৰে

সৰ্বোপৰি,এই সকলো গৱেষণালব্ধ তথ্য আৰু গৱেষণাৰ প্রতি সচেষ্টাতা প্ৰদানকৰাৰ পাছতো মানুহৰ সংযমশক্তি, অভ্যাস আৰু জীৱন বীক্ষণৰ দ্বাৰা এটা কথা ডাঠিকৈ ক'ব পৰা যায় যে মানুহে নিজৰ প্রবল ইচ্ছাশক্তি ব্যৱহাৰ কৰিলেহে এক নতুন সু-অভ্যাসৰ গঠন আৰু পুৰণা বদ অভ্যাস সমূলি ত্যাগ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ প্ৰচণ্ড মানসিক ইচ্ছাশক্তি আৰু আত্মসংযমেহে প্ৰকৃততে সুফল প্রদান কৰে। লগতে, অভ্যাসৰ আটাইতকৈ ভাল দিশটোহ'ল এবাৰ এটা ভাল অভ্যাস গঠন কৰিব পাৰিলে সি গৰাকীৰ সৈতে ভাল দিনবোৰততো লগ দিয়েই, মানসিক বিপৰ্যয়, অৱসাদ, ষ্টৰেছযুক্ত আনকি স্মৃতিশক্তি হাস হোৱাৰ দৰে দুৰ্যোগৰ দিনতো নিষ্ঠাৱান সাৰথিৰ ভূমিকা পালন কৰে। সেয়েহে একোটা ভাল অভ্যাস মানুহৰ জীৱনত স্মৃতিশক্তিতকৈও অধিক শক্তিশালী জীৱন বাটৰ লগৰী ৷

_____________________

Post a Comment